আজি ৩১ মে’

আজি ৩১ মে'

➡️বিশ্ব ধূমপানবিৰোধী দিৱস।
➡️১৮৯৩ চিকাগোত অনুষ্ঠিত বিশ্ব ধর্ম সম্মিলনত যোগদানৰ অর্থে স্বামী বিবেকানন্দৰ আমেৰিকা যাত্রা। ১৯০২ ভিৰিনাইজিং চুক্তি: বোৱেৰ যুদ্ধৰ সামৰণি।
➡️১৯১৬ জুটলেণ্ডৰ যুদ্ধ আৰম্ভ। প্ৰথম মহাসমৰৰ মাজতে ব্ৰিটিছ আৰু জাৰ্মানৰ মাজত এক চমু অথচ ভয়ংকৰ নৌ যুদ্ধ সংঘটিত হয়। ডেনমাৰ্কৰ উপকূলৱৰ্তী জুটলেণ্ডত সংঘটিত হোৱা বাবে এই যুদ্ধ ইতিহাসত জুটলেণ্ডৰ যুদ্ধ নামে প্রখ্যাত।
➡️১৯৬২ জার্মানীত লাখ লাখ ইহুদি হত্যাৰ অন্যতম পৰামৰ্শদাতা, জার্মান সন্ত্রাসবাদী সমিতিৰ সক্ৰিয় নেতা আডলফ আইকমেনক ইজৰাইলৰ তেল আভিভত ফাঁচি। ইয়াৰ আগতে তেওঁক আন্তঃৰাষ্ট্ৰীয় আদালতে যুদ্ধ অপৰাধী ৰূপে ৰায় দিছিল।
➡️১৯৭৭ ভাৰতীয় সেনাৰ মেজৰ প্ৰেমচান্দ আৰু নায়ক নিমা দৰ্জী শ্বেপাৰ কাঞ্চনজংঘা শৃংগত আৰোহণ। ভাৰতীয় সেনাৰ এয়াই আছিল প্রথম কাঞ্চনজংঘা বিজয়।
➡️১৯৮১ ভাৰতৰ শ্ৰীহৰিকোটাৰ পৰা ৰোহিণী-১ সহ এছ এল ভি- খ্ৰীৰ (SLV-3) প্রথম পূর্ণাংগ উৎক্ষেপণ।
➡️১৯৯০ পাৰমাণৱিক অস্ত্র সীমিতকৰণ চুক্তিৰ উদ্দেশ্যে ৱাম্বিংটনত মার্কিন ৰাষ্ট্ৰপতি জর্জ বুশ্ব আৰু ছোভিয়েট ৰাষ্ট্ৰপতি মিখাইল গর্বাছেভৰ মাজত শীর্ষ বৈঠক আৰম্ভ।

You might also like
Leave A Reply

Your email address will not be published.