➡️১৬৮৭ মোগল সম্রাট ঔৰংগজেৱৰ হায়দৰাবাদৰ গোলকুন্দা দখল।
➡️১৯১৭ ৰাছিয়াৰ জাৰ আৰু তেওঁৰ পৰিয়ালক ছাইবেৰিয়ালৈ নির্বাসন।
➡️১৯৪৬ ৰাধাগোবিন্দ বৰুৱাৰ উদ্যোগত অসমৰ প্ৰথম ইংৰাজী দৈনিক ‘আছাম ট্রিবিউন’ৰ প্ৰকাশ। ১৯৩৯ চনৰ ৪ আগষ্টত কাকতখন প্রথমতে ডিব্ৰুগড়ৰ পৰা সাদিনীয়া ৰূপে প্রকাশ হৈছিল।
➡️১৯৬৬ ব্রিটিছ অধিকৃত দক্ষিণ আফ্রিকাৰ ঔপনিৱেশ বেচুৱানালেণ্ডৰ স্বাধীনতা লাভ। নতুন নাম বোৎছোৱানা।
➡️১৯৮৩ ১৯৪৫ চনৰ পিছত প্ৰথমবাৰৰ বাবে উত্তৰ আৰু দক্ষিণ আফ্ৰিকাৰ সীমান্ত উন্মুক্ত।
➡️১৯৯০ প্রাক্তন উপ-প্রধান মন্ত্ৰী দেৱী লালৰ সংসদৰ পৰা ইস্তফা। ১৯৯৩ মহাৰাষ্ট্ৰ আৰু ইয়াৰ কাষৰীয়া অঞ্চলত প্রচণ্ড ভূমিকম্প। প্রায় ৯,৭৪৮জন লোকৰ মৃত্যু; ১৫,০০০ লোক আহত। সা-সম্পত্তিৰ বিস্তৰ ক্ষতি। লাটুৰ আৰু ওছমানাবাদ জিলাৰ ৪০খনৰো বেছি গাঁও ধ্বংস।
➡️১৯৯৭ অসমৰ প্ৰাক্তন মুখ্য মন্ত্রী যোগেন্দ্রনাথ হাজৰিকাৰ মৃত্যু। ১৯৯৯ জার্মান ঔপন্যাসিক গুণ্টাৰ গ্ৰাছলৈ শতিকাৰ শেষ সাহিত্যৰ নোবেল বঁটা।
➡️১৯৯৯ ভূ-পৃষ্ঠৰ পৰা আকাশমাৰ্গলৈ নিক্ষেপ কৰিব পৰা ‘আকাশ’ মিছাইলৰ সফল পৰীক্ষণ।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Prev Post
Next Post
You might also like