গুৱাহাটীঃ উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে জুবিন গাৰ্গ হ/ত্যাৰ গোচৰত কাৰাবন্দী হৈ থকা অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি। নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহলৈ পিছুৱাই দিয়া হৈছে শুনানিৰ দিন।

কাৰাগাৰৰ বন্ধ কুঠৰীৰ পৰা ওলাই আহিবলৈ জামিন বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে শ্যামকানু মহন্ত। ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল তেওঁৰ জামিন আবেদন।
আজি উচ্চতম ন্যায়ালয়ত জামিন আবেদনৰ শুনানি অনুষ্ঠিত হোৱাৰ কথা আছিল। সেই উপলক্ষে বাক্সা কাৰাগাৰৰ চৌহদত গঢ়ি তোলা হৈছিল ব্যাপক নিৰাপত্তা বেষ্টনী।
অৱশ্যে শুনানি পিছুৱাই দিয়াত এতিয়া নৱেম্বৰৰ প্ৰথম সপ্তাহলৈ অপেক্ষা কৰিব লাগিব শ্যামকানু মহন্তৰ জামিন আবেদনৰ পৰৱৰ্তী শুনানিৰ বাবে।