নিউজ ডেস্ক:
অসমত সমষ্টি পুনঃনিৰ্ধাৰণৰ নিৰ্দেশনা বলৱৎ নিৰ্বাচন আয়োগৰ। আনুষ্ঠানিক অধিসূচনা অনুসৰি অসমৰ সমষ্টি পুনঃনিৰ্ধাৰণৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ চূড়ান্ত নিৰ্দেশনা কাৰ্যকৰী হয় ১৬ আগষ্টৰ পৰা। ১১ আগষ্টত প’ল পেনেলে ৰাজ্যখনৰ বিধানসভা আৰু সংসদীয় সমষ্টিৰ সীমা নিৰ্ধাৰণৰ চূড়ান্ত প্ৰতিবেদন প্ৰকাশ কৰি বিধানসভাৰ ১২৬ আৰু লোকসভাৰ ১৪ খন আসনৰ সংখ্যা অপৰিৱৰ্তিত ৰাখিছিল। ইয়াৰ উপৰিও নতুনকৈ নামকৰণ কৰিছিল ১৯টা বিধানসভা সমষ্টি আৰু এটা সংসদীয় সমষ্টিৰ। আনহাতে অনুসূচিত জনজাতি (এছ টি)ৰ বাবে সংৰক্ষিত কৰা হৈছে ঊনৈশটা বিধানসভা আৰু দুটা লোকসভা সমষ্টি। এটা লোকসভা সমষ্টি আৰু ৯টা বিধানসভা সমষ্টি সংৰক্ষিত কৰা হৈছে অনুসূচিত জাতিৰ বাবে ৷
বুধবাৰে আইন মন্ত্ৰালয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হৈ জাৰি কৰা অধিসূচনা অনুসৰি অসমত নিৰ্বাচন আয়োগৰ নিৰ্দেশনা কাৰ্যকৰী হৈছে ১৬ আগষ্টৰ পৰা।।