অসম-মেঘালয় সীমান্তৰ জিৰিকিংডিং থানা অন্তৰ্গত মুক্ৰত গুলিচালনাৰ ঘটনা। মেঘালয়ৰ বনদস্যুক কাৰ্বি আংলঙৰ পৰা অবৈধভাৱে কুণ্ডা সৰবৰাহ কৰাত বাধা দিয়াক লৈ সৃষ্টি হয় উত্তেজনা। কুণ্ডা সৰবৰাহ কৰা এখন ট্ৰাক জব্দ কৰাক কেন্দ্ৰ কৰি মেঘালয়ৰ প্ৰায় শতাধিক খাছী লোকে হাতে-হাতে দা, যাঠি-জোং আদি লৈ বনকৰ্মী আৰু আৰক্ষীৰ লোকক আক্ৰমণৰ কৰাৰ বাবে খেদি আহে। ফলত উপায়ন্তৰ আৰক্ষীয়ে দুৰ্বৃত্তক লক্ষ্য কৰি গুলি কৰিবলৈ বাধ্য হয়। গুলিচালনাৰ ঘটনাত তিনিজন খাছীলোক নিহত হোৱাৰ লগতে নিহত হয় এজন বনকৰ্মী। আনহাতে নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
অসম-মেঘালয় সীমান্তত গুলিচালনাৰ ঘটনা!
You might also like