নিউজ ডেস্কঃ
জোনালী হত্যাকাণ্ডত জড়িত আন এজন অভিযুক্তক গ্ৰেপ্তাৰ। অৱশেষত আৰক্ষীৰ জালত পৰিল হাছানুৰৰ সহযোগী আজিবৰ ৰহমান৷ জোনালী নাথ হত্যাকাণ্ডৰ অভিযুক্ত আছিল আজিবৰ৷ দীৰ্ঘদিন ধৰি পলাই আছিল আজিবৰ ৰহমান৷ আজি মৰাপাটৰ খেতিৰ মাজত লুকাই থকা অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আজিবৰ ৰহমানক৷ ব্ৰহ্মপুত্ৰৰ মাজৰ এটা চাপৰিৰ পৰা গ্ৰেপ্তাৰ কৰা হয় আজিবৰ ৰহমানক৷
জানিব পৰা মতে আজিবৰ ৰহমানৰ সৈতে লগ হৈ বিজেপি নেত্ৰী জোনালী নাথক হত্যা কৰিছিল বুলি আৰক্ষীৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্ত দিছিল হাছানুৰ ইছলামে। পূৰ্বেও আজিবৰৰ বিৰুদ্ধে বহু অপৰাধজনিত ঘটনাত জড়িত থকাৰ তথ্য লাভ আৰক্ষীৰ। ।