নেচনেল ডেস্ক:
আজিও অশান্ত সাম্প্ৰদায়িক সংঘৰ্ষত জৰ্জৰিত হাৰিয়ানাৰ পৰিস্থিতি। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰিছে সান্ধ্য আইন। হাৰিয়ানাৰ নুহ জিলাত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। সোমবাৰে জিলাখনৰ মাজেৰে পাৰ হৈ যোৱা এটা ধৰ্মীয় শোভাযাত্ৰাকাৰীৰ দল আক্ৰমণৰ বলি হোৱাৰ পিছতে নুহত জাৰি কৰা হৈছে সান্ধ্য আইন। অৱশ্যে বুধবাৰে নুহত বিয়লি ৩ বজাৰ পৰা ৫ বজাৰ ভিতৰত অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰাৰ বাবে সান্ধ্য আইন আংশিকভাৱে শিথিল কৰা হৈছিল।
হাৰিয়ানা চৰকাৰৰ তথ্য অনুসৰি, এই হিংসাত্মক ঘটনাত এতিয়ালৈকে মৃত্যু হৈছে ছয় জন লোকৰ। এতিয়ালৈকে ১১৬ জন লোকক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ৯০ জনক সোধ- পোছৰ বাবে আটক কৰা হৈছে। আনহাতে ঘটনা সন্দৰ্ভত ৰুজু কৰা হৈছে ৪৪টা গোচৰ।
ইফালে, হাৰিয়ানা চৰকাৰে ভুল তথ্য আৰু উৰা বাতৰিৰ প্ৰচাৰ বন্ধ কৰাৰ স্বাৰ্থত নুহ, ফৰিদাবাদ আৰু পালৱাল জিলাত ইণ্টাৰনেট সেৱা কৰ্তনৰ সময়সীমা ৫ আগষ্টলৈকে বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰে নুহ, গুৰুগ্ৰাম, আৰু অন্যান্য ক্ষতিগ্ৰস্ত জিলাসমূহত একাধিক স্পৰ্শকাতৰ বিষয়ত নিষেধাজ্ঞা জাৰি কৰিছে।।