মহানগৰীত চিলনী চোৰলৈ আৰক্ষীৰ গুলী!

আৰক্ষীৰ গুলীত গুলীবিদ্ধ ৰিয়াজুল আৰু অভিজিত বড়ো নামৰ দুই চোৰ

নিউজ ডেস্ক:

ৰাজ্যত পুনৰ এনকাউণ্টাৰ! এইবাৰ মহানগৰীত চিলনী চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ গুলীত গুলীবিদ্ধ ৰিয়াজুল আৰু অভিজিত বড়ো নামৰ দুই চোৰ। দুই চোৰৰ পৰা উদ্ধাৰ চুৰি মোবাইল ফোনৰ লগতে দুচকীয়া বাহন। সম্প্ৰতি GMCH ত চিকিৎসাধীন গুলীবিদ্ধ দুই চোৰ।

উল্লেখ্য যে, ইতিমধ্যে মহানগৰ আৰক্ষীৰ জালত পৰিছে চুৰি চক্ৰটোৰ আন কেইবাটাও সদস্য। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিশ্বজিৎ ৰাভা, ধনজিৎ বড়ো আৰু জনৈক অজয় নামৰ চোৰকেইটাক।।

You might also like
Leave A Reply

Your email address will not be published.