আজি ১৯ আগষ্ট

▶️আজি আফগানিস্তানৰ স্বাধীনতা দিৱস।
▶️১৯৯৪ চনৰ আজিৰ দিনটোতেই দুবাৰকৈ (১৯৫৪ আৰু ১৯৬২) নোবেল জয়ী বিজ্ঞানী লিনাছ পাউলিঙৰ মৃত্যু ঘটিছিল।
▶️১৯৯৩ চনৰ আজিৰ দিনটোতেই নেপালী ভাষা-সাহিত্যৰ সংৰক্ষণ আৰু বিকাশৰ অৰ্থে কাৰ্বি আংলঙৰ হাৱাইপুৰত অসম নেপালী সাহিত্য সভাৰ জন্ম হৈছিল। সভাৰ প্ৰথম সভাপতি আছিল লক্ষ্মীপ্ৰসাদ পৰাজুলী আৰু সম্পাদক আছিল হৰ্ষ বাহাদুৰ চেত্ৰী।
▶️১৬৬২ চনৰ এই দিনটোতেই বিজ্ঞানী ব্লেইজ পাস্কেলৰ মৃত্যু হৈছিল।
▶️১৮৮০ চনৰ আজিৰ দিনটোতেই সাহিত্যিক জ্ঞানদাভিৰাম বৰুৱাৰ জন্ম হৈছিল।
▶️১৯০৪ চনৰ আজিৰ দিনটোতেই গীতিকবি পাৰ্বতিপ্ৰসাদ বৰুৱাৰ জন্ম হৈছিল।
▶️১৯১৮ চনৰ আজিৰ দিনটোতেই ভাৰতৰ নৱম ৰাষ্ট্ৰপতি শংকৰ দয়াল শৰ্মাৰ জন্ম হৈছিল।
▶️১৯২৬ চনৰ আজিৰ দিনটোতেই কবি-সমালোচক অজিৎ বৰুৱাৰ জন্ম হৈছিল।
▶️১৯৩৬ চনৰ এই দিনটোতেই স্পেইনৰ কবি,নাট্যকাৰ ফেডেৰিকো গাৰ্থিয়া লৰকাৰ মৃত্যু হৈছিল।
▶️১৯৩৯ চনৰ আজিৰ দিনটোতেই জাৰ্মানীৰ বিৰুদ্ধে ব্ৰিটেইন আৰু ফ্ৰান্সৰ যুদ্ধ ঘোষণা।চৰকাৰীভাৱে দ্বিতীয় মহাসমৰ আৰম্ভ। ৩০ ছেপ্টেম্বৰৰ পৰা এই যুদ্ধ ঘনীভূত হয়।
▶️১৯৪৯ চনৰ আজিৰ দিনটোতেই ভুবনেশ্বৰক উৰিষ্যাৰ ৰাজধানী ৰূপে ঘোষণা।
▶️২০০০ চনৰ আজিৰ দিনটোতেই বড়ো সাহিত্য সভাৰ সভাপতি বিনেশ্বৰ ব্ৰহ্ম আততায়ীৰ হাতত নিহত হৈছিল।
▶️২০০১ চনৰ আজিৰ দিনটোতেই মধ্যপ্ৰাচ্যত পেলেষ্টাইন-ইজৰাইলৰ মাজত যুদ্ধৰ সূচনা।
▶️২০০২ চনৰ আজিৰ দিনটোতেই ইউৰোপৰ জাৰ্মানী,অষ্ট্ৰিয়া,হাংগেৰী আদি দেশ প্ৰৱল বানৰ কবলত পৰিছিল।
▶️২০০২ চনৰ আজিৰ দিনটোতেই ভাৰতৰ উপ-ৰাষ্ট্ৰপতি ৰূপে ভেৰো সিং শেখাৱতৰ কাৰ্যভাৰ গ্ৰহণ। ২০০৭ চনৰ ২১ জুলাইলৈকে তেওঁ এই পদত আছিল।।

You might also like
Leave A Reply

Your email address will not be published.