আজি ১ ছেপ্টেম্বৰ

▶️১৭১৫ চনৰ এই দিনটোতেই ফ্ৰান্সৰ ৰজা চতুৰ্দশ লুইৰ মৃত্যু ঘটিছিল।
▶️১৮৯৪ চনৰ এই দিনটোতেই ভূ-দান আন্দোলনৰ নেতা বিনোৱা ভাৱেৰ জন্ম হৈছিল।
▶️১৯২৩ চনৰ আজিৰ দিনটোতেই জাপানত প্ৰবল ভূমিকম্পত প্ৰায় ১ লাখ ৪৩ হেজাৰ লোকৰ মৃত্যু।
▶️১৯৪২ চনৰ আজিৰ দিনটোতেই ৰাসবিহাৰী বসুৰ উদ্যোগত ইণ্ডিয়ান নেচনেল আৰ্মীৰ (পিছলৈ আজাদ হিন্দ ফৌজ) প্ৰতিষ্ঠা।
▶️১৯৪৭ চনৰ এই দিনটোতেই ভাৰতীয় মান সময়(Indian Standard Time) IST প্ৰৱৰ্তন।
▶️১৯৫০ চনৰ আজিৰ দিনটোতেই প্ৰসিদ্ধ বাংলা সাহিত্যিক বিভূতিভূষণ বন্দোপাধ্যায়ৰ মৃত্যু।’পথেৰ পাঁচালি’ তেওঁৰ স্মৰণীয় সৃষ্টি।
▶️১৯৫৬ চনৰ এই দিনটোতেই জীৱন বীমা নিগম (LIC) গঠন।
▶️১৯৯৭ চনৰ আজিৰ দিনটোতেই লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) শ্ৰীনিৱাস কুমাৰ সিনহাৰ অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যভাৰ গ্ৰহণ। ২০০৩ চনৰ ২৯ মে’লৈকে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।
▶️২০০২ চনৰ আজিৰ দিনটোতেই নাট্যকাৰ-পৰিচালক বি ভি কৰান্থৰ দেহাৱসান।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই অসম ৰাজ্যিক পথ পৰিবহন নিগমৰ উদ্যোগত দ্ৰুতবেগী ভলভো বাছ সেৱাৰ পৰীক্ষামূলক যাত্ৰা আৰম্ভ।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই আত্মঘাতী চেচেন বিদ্ৰোহীৰ দ্বাৰা ৰাছিয়াৰ বেছলান চহৰৰ এখন স্কুলত দুশ ছাত্ৰ-ছাত্ৰীসহ চাৰিশ লোকক পণবন্দী কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.