আজি ১ জানুৱাৰী

➡️ইংৰাজী কেলেণ্ডাৰ মতে বছৰৰ প্ৰথম দিন, নৱবৰ্ষৰ দিন
➡️কিউবাৰ মুক্তি দিৱস
➡️ছুডানৰ স্বাধীনতা দিৱস
➡️পেলেষ্টাইনৰ বিপ্লৱ দিৱস
➡️১৩৯৯ তুৰ্কী অভিযানকাৰী টাইমূৰৰ ‘ভাৰত সম্ৰাট’ উপাধি গ্ৰহণ। দিল্লীৰ প্ৰত্যাৱৰ্তন।
➡️১৭৮৮ লণ্ডনৰ পৰা প্ৰসিদ্ধ ‘দি টাইম্ছ’ পত্ৰিকাৰ প্ৰকাশ।
➡️১৮৪৬ শিৱসাগৰৰ পৰা অসমৰ প্ৰথমখন সংবাদ-পত্ৰ ‘অৰুনোদইৰ প্ৰকাশ’। প্ৰথম সম্পাদকঃ ডঃ নাথান ব্ৰাউন।
১৮৬২ ভাৰতীয় দণ্ডবিধিৰ প্ৰৱৰ্তন। এইখন আইনৰে ৩০২ ধাৰাত দোষা অপৰাধীক মৃত্যুদণ্ড দিয়াৰ বিধান সন্নিবিষ্ট কৰা হৈছে।
➡️১৮৭৭ ১৮৭৬ চনৰ ৩ এপ্ৰিলত ব্ৰিটিছ সংসদত গৃহীত এক আইন অনুসৰি ৰাণী ভিক্টোৰিয়া ভাৰত সম্ৰাজ্ঞী।
➡️১৮৮০ ভাৰতত মনী অৰ্ডাৰ ব্য়ৱস্থা প্ৰৱৰ্তন।
➡️১৮৮৪ বিজ্ঞানী সত্যন্দ্ৰনাথ বসুৰ জন্ম।
➡️১৮৮৬ আমেৰিকান বেপ্টিষ্ট মিছনেৰী নাথান ব্ৰাউনৰ মৃত্যু।
➡️১৯০৩ ৰজা সপ্তম এডৱাৰ্ড ভাৰতৰ সম্ৰাট ৰূপে অধিষ্ঠিত।
➡️১৯১৪ ৰাজনীতিবিদ, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ জন্ম। সিংহৰ জন্মদিনটো অসমত ‘জনতাৰ দিন’ ৰূপে পালন কৰা হয়।
১৯৩১ ৰাছিয়াৰ ৰাষ্ট্ৰপতি বৰিছ য়েল্টছিনৰ জন্ম।
১৯৫৯ বিপ্লৱী কাষ্টোৰ নেতৃত্বত কিউবাত সামৰিক অভ্যুত্থান। দেশখনত কমিউনিষ্ট শাসন প্ৰতিষ্ঠা।
১৯৬১ ভাৰতীয় সাৰ নিগম প্ৰতিষ্ঠা।
➡️১৯৬৬ নামৰূপত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো সাৰ কাৰখানাৰ আধাৰশিলা স্থাপন।
নামৰূপ সাৰ কাৰখানাৰ ব্যৱসায়িক উৎপাদন আৰম্ভ।
১৯৭৩ ভাৰতত সাধাৰণ বীমা ৰাষ্ট্ৰীয়কৰণ।
➡️১৯৭৪ অসমৰ কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্য়ান ৰূপে স্বীকৃতি।
➡️১৯৭৮ ভাৰতীয় বিমান ‘সম্ৰাট অশোক’ মুম্বাইৰ ওচৰৰ আৰব সাগৰৰ ওপৰত দুৰ্ঘটনা পতিত। ২১৩ জন যাত্ৰীৰ মৃত্যু।
➡️১৯৮৮ চন্দ্ৰ প্ৰসাদ শইকীয়াৰ সম্পাদনাত অসমীয়া দৈনিক বাতৰি কাকতক ‘নতুন দৈনিক’ ৰ প্ৰস্তাৱনা সংখ্যা প্ৰকাশ।
➡️অৱসৰ গ্ৰহণৰ মাত্ৰ কেইঘন্টামানৰ আগেয়ে পাটনা উচ্চ ন্যায়ালয়ত মুখ্য ন্যায়াধীশ ৰূপে বি পি ঝাৰ শপত গ্ৰহণ।
➡️শান্তনু তামুলীৰ সম্পাদনাত যোৰহাটৰ পৰা বিজ্ঞান আলোচী ‘নতুন আৱিষ্কাৰ’ প্ৰকাশ।
➡️১৯৯০ পেছাদাৰী পুৰুষৰ সমগ্ৰ বিশ্বৰ প্ৰত্যকখন টেনিছ প্ৰতিযোগিতাৰ নিয়ন্ত্ৰক সংস্থা এ টি পিৰ(ATP- As sociation of Tennis Professionals) গঠন।
➡️১৯৯১ পৃথিৱীৰ ধীৰ গতিৰ বাবে ১৯৯০ চনৰ শেষ মিনিট ৬০ পৰিৱৰ্তে ৬১ ছেকেণ্ড হয় অৰ্থাৎ ১৯৯১ চনৰ প্ৰথম দিনটো এক ছেকেণ্ড পলমকৈ আৰম্ভ হয়।
➡️১৯৯৫ বিশ্ব বাণিজ্য সংস্থাৰ প্ৰতিষ্ঠা।
➡️১৯৯৭ ভাৰত- বাংলা চুক্তিৰ পাছত বাংলাদেশলৈ ফাৰাক্কাৰ পানী মুকলি। ৭৫ খন শ্লুইচ গেট মুকলি।
➡️১৯৯৯ ইউৰোপৰ ১১খন দেশৰ উমৈহতীয়া মুদ্ৰা ‘ইউৰো’ৰ প্ৰচলন আৰম্ভ। অৱশ্যে ২০০২ চনৰ ১ জানুৱাৰীৰ পৰাহে এই মুদ্ৰা জনসাধাৰণৰ হাতলৈ আহিছিল।
➡️২০০০ পানামা খালৰ ওপৰত পানামাৰ একচেটিয়া অধিকাৰ লাভ।
➡️২০০২ সমগ্ৰ ইউৰোপতে ৰাজহুৱাভাৱে নতুন মুদ্ৰা ইউৰোৰ প্ৰচলন।
➡️২০০৩ নিউজীলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়াত ভাৰতৰ ৫ উইকেইটত পৰাজয়।
➡️অসমীয়া দৈনিক বাতৰি কাকতক ‘দৈনিক জনসাধাৰণ’ৰ প্ৰকাশ। কাকতখনৰ সম্পাদকঃ মনোজ কুমাৰ গোস্বামী।
➡️২০০৪ গুৱাহাটীত ৰাইনো চিটী বাছ সেৱা আৰম্ভ।
➡️২০০৫ অসম চৰকাৰৰ কৰ্মচাৰীৰ অৱসৰৰ বয়স ৫৮ বছৰৰ পৰা ৫৯ বছৰলৈ বৃদ্ধি ঘোষণা।
➡️গুৱাহাটীৰ আঠগাঁৱত ফ্লাই অভাৰ মুকলি।

You might also like
Leave A Reply

Your email address will not be published.