▶️১৫২৭ চনৰ এই দিনটোতেই ইটালীৰ ৰাজনীতিবিদ, কূটনীতিজ্ঞ নিকোলা মেকিয়াভেলিৰ মৃত্যু হৈছিল।
▶️১৫৫৫ চনৰ আজিৰ দিনটোতেই আকবৰক হুমায়ুনৰ উত্তৰাধিকাৰী ঘোষণা।
▶️১৬৩৩ চনৰ আজিৰ দিনটোতেই ‘পৃথিৱীয়ে সূৰ্য্যক প্ৰদক্ষিণ কৰে’ বুলি ঘোষণা কৰাৰ অপৰাধত গেলিলিঅ’ গেলিলি ৰোমৰ ধৰ্মগুৰুৰ ওচৰত বিচাৰৰ সন্মুখীন।
▶️১৮০৭ চনৰ আজিৰ দিনটোতেই আমেৰিকান মিছনেৰী, ‘অৰুনোদই’ৰ প্ৰথম সম্পাদক নাথান ব্ৰাউনৰ জন্ম হৈছিল।
▶️১৮৮০ চনৰ এই দিনটোতেই বাগ্মীবৰ নীলমণি ফুকনৰ ডিব্ৰুগড়ত জন্ম হৈছিল।
▶️১৮৯৭ চনৰ আজিৰ দিনটোতেই ভাৰতীয় বিপ্লৱী দামোদৰ হৰি ছাপেৰকাৰৰ দ্বাৰা দুজন ইংৰাজ বিষয়া চাৰ্লছ ৰেণ্ড আৰু আৱাৰেষ্টক গুলীয়াই হত্যা।এইটোৱেই ভাৰতৰ প্ৰথম বিপ্লৱী কাৰ্যকলাপ।১৮৯৮ চনৰ ১৮ এপ্ৰিলত তেওঁক ফাঁচি দিয়া হয়।একেটা ঘটনাত জড়িত বুলি অভিযুক্ত কৰি দামোদৰ নায়ক বালকৃষ্ণ ছাপেৰকাৰক ১৮৯৯ চনৰ ২২ মে’ত ফাঁচি দিয়া হয়।
▶️১৮৯৮ চনৰ আজিৰ দিনটোতেই প্ৰথম মহাসমৰৰ সৈনিক তথা খ্যাতনামা লেখক এৰিক মাৰিয়া ৰেমাৰ্কৰ জন্ম হৈছিল।
▶️১৯৪০ চনৰ আজিৰ দিনটোতেই সুভাষ চন্দ্ৰ বসুৰ ‘ফৰৱাৰ্ড ব্লক’ গঠন।
▶️২০০২ চনৰ এই দিনটোতেই ইৰানত ভয়াবহ ভূমিকম্পত প্ৰায় ৫০০ লোক নিহত হৈছিল।
▶️২০০৭ চনৰ আজিৰ দিনটোতেই মহাকাশচাৰী সুনীতা উইলিয়ামছৰ পৃথিৱীলৈ সফল প্ৰত্যাৱৰ্তন।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ২২ জুন
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
You might also like