মাটিৰ পৰা ১,৩৭৫ ফুট তলত পৃথিৱীৰ আটাইতকৈ গভীৰ হোটেল ….

নিউজ ডেস্ক :

 

ণ্টাৰনেচনেল ডেস্ক: মাটিৰ পৰা ১,৩৭৫ ফুট তলত “পৃথিৱীৰ আটাইতকৈ গভীৰ হোটেল”! এৰাতি থাকিব বিচাৰিলে খৰচ কৰিব লাগে বহু টকা ।

আজিকালি ছ’চিয়েল মিডিয়াত সকলো বোৰ সহজে চৰ্চিত হয় । নেট মিডিয়াৰ প্ৰতিটো প্লেটফৰ্মত প্ৰতিদিনে ভাইৰেল হৈ পৰে হাজাৰ হাজাৰ ছবি আৰু ভিডিঅ’ ।এইবাৰ ছ’চিয়েল মিডিয়াত ওলাই আহিল এক অবিশ্বাস্য তথ্য। শেহতীয়াকৈ ইণ্টাৰনেটত ভাইৰেল হৈছে এখন আণ্ডাৰগ্ৰাউণ্ড হোটেলৰ ছবি । কেৱল সেয়াই নহয়, ইয়াক “পৃথিৱীৰ আটাইতকৈ গভীৰ হোটেল” বুলিও গণ্য কৰা হৈছে। উল্লেখযোগ্য কথাটো হ’ল, হোটেলখন নিৰ্মাণ কৰা হৈছে ভূ পৃষ্ঠৰ পৰা প্ৰায় ১,৩৭৫ ফুট তলত । ইয়াৰ উপৰিও অতিথি সকল থাকিবলৈ আছে বহু কোঠা । এতিয়া আপোনাৰ এই আচৰিত হোটেলখনৰ নাম কি জানিবলৈ মন যোৱা নাইনে? তথ্য অনুসৰি এই হোটেলখনৰ নাম ‘দীপ শ্লীপ’ (Deep Sleep)। এই হোটেলখন উত্তৰ ৱেলছৰ স্নোডনিয়া পৰ্বতমালাৰ তলৰ এটা খনিত অৱস্থিত। হোটেলখনলৈ ট্ৰেকিং কৰি যাব পাৰি। কেৱল সেয়াই নহয়, দৰ্শনাৰ্থীসকলৰ বাবে হেলমেট, লাইট আৰু বুটৰ দৰে সুৰক্ষা সঁজুলিৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ পিছত বিশেষজ্ঞৰ তত্বাৱধানত তেওঁলোকক আণ্ডাৰগ্ৰাউণ্ড হোটেলখনলৈ লৈ যোৱা হয়। তথ্য অনুসৰি হোটেলখনৰ ব্যক্তিগত কেবিনত দুজন লোকৰ এৰাতি থকাৰ বাবে খৰচ হ’ব ৩৬,০০৩ টকা । ইফালে, গুহাৰ কোঠাবোৰৰ মূল্য ৫৬,৫৭৭ টকা। অবশ্যে এই খৰচত চাহৰ পৰা আৰম্ভ কৰি ব্ৰেকফাষ্টলৈকে সকলো অন্তৰ্ভুক্ত। ইয়াৰ উপৰিও মেনুত উপলব্ধ আছে আমিষ আৰু নিৰামিষ দুয়োটাৰে বিকল্প । অৱশ্যে এই হোটেলখন মাটিৰ তলৰ হ’লেও ইয়াত কেইবাটাও সুবিধাও আছে। ৱাই-ফাইৰ পৰা আৰম্ভ কৰি বিদ্যুৎ সেৱালৈকে সকলো আছে। অৱশ্যে হোটেলখনত ধূমপানৰ দৰে বস্তুবোৰ কঠোৰভাৱে নিষেধাজ্ঞা আৰোপ কৰা হৈছে। মন কৰিব লগা কথা যে এই কোঠাবোৰ ২৪ ঘণ্টাৰ বাবেহে বুকিং কৰিব পাৰিব।।

You might also like
Leave A Reply

Your email address will not be published.