আজি ২৪ আগষ্ট

▶️১৬৯০ চনৰ আজিৰ দিনটোতেই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পূব ভাৰতৰ বানিজ্যিক অধিকৰ্তা জব চাৰ্নকৰ কলকাতাত পদাৰ্পণ আৰু বসতি স্থাপন। এই দিনটোক কলকাতা চহৰৰ প্ৰতিষ্ঠা দিৱস ৰূপে গণ্য কৰা হয়।
▶️১৮১৯ চনৰ আজিৰ দিনটোতেই আনন্দৰাম ঢেকিয়াল ফুকনৰ জন্ম হৈছিল।
▶️১৮৯৮ চনৰ আজিৰ দিনটোতেই জীৱবিজ্ঞানী আলবেয়াৰ ক্লডৰ জন্ম হৈছিল। তেওঁ ১৯৭৪ চনত চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯২৫ চনৰ আজিৰ দিনটোতেই স্বাধীনতা সংগ্ৰামী আৰ জি বন্দৰকৰৰ মৃত্যু হৈছিল।
▶️১৯৬৯ চনৰ এই দিনটোতেই বৰাহগিৰি ভেংকটগিৰিৰ ভাৰতৰ ৰাষ্ট্ৰপতি ৰূপে কাৰ্যভাৰ গ্ৰহণ। ১৯৭৪ চনৰ ২৪ আগষ্টলৈকে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৭৪ চনৰ আজিৰ দিনটোতেই ফখৰুদ্দিন আলী আহমেদৰ ভাৰতৰ ৰাষ্ট্ৰপতি ৰূপে কাৰ্যভাৰ গ্ৰহণ। তেওঁ ১৯৭৭ চনৰ ১১ ফেব্ৰুৱাৰীলৈকে কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৮৯ চনৰ আজিৰ দিনটোতেই মাৰ্কিন মহাকাশযান ভয়েজাৰৰ নেপচুন অতিক্ৰম।
▶️২০০০ চনৰ আজিৰ দিনটোতেই সংগীতজ্ঞ কল্যাণজী বীৰশ্বাহৰ (কল্যাণজী-আনন্দজী খ্যাত) মৃত্যু হৈছিল।
▶️২০০২ চনৰ আজিৰ দিনটোতেই ধেমাজি জিলাৰ বিভিন্ন অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা ধুমুহাত তিনি শতাধিক ঘৰ বিধ্বস্ত হৈছিল।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই অসমৰ প্ৰথম মুখ্যমন্ত্ৰী(তেতিয়াৰ প্ৰধানমন্ত্ৰী) ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পত্নী, সমাজসেৱিকা সুৰবালা বৰদলৈৰ দেহাৱসান।।

You might also like
Leave A Reply

Your email address will not be published.