▶️১৬১৮ চনৰ আজিৰ দিনটোতেই মোগল সম্ৰাট ঔৰংগজেৱৰ জন্ম হৈছিল।
▶️১৮৮৫ চনৰ এই দিনটোতেই কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ জন্ম হৈছিল
▶️১৯০৩ চনৰ আজিৰ দিনটোতেই স্বতন্ত্ৰ স্বাধীন ৰাষ্ট্ৰত পৰিনত হৈছিল পানামা।
▶️১৯৩১ চনৰ আজিৰ দিনটোতেই নাট্যকাৰ, ঔপন্যাসিক অৰুণ শৰ্মাৰ জন্ম হৈছিল।
▶️১৯৩৩ চনৰ এই দিনটোতেই নোবেল জয়ী অৰ্থনীতিবিদ অমৰ্ত্য সেনৰ জন্ম হৈছিল।
▶️১৯৪৮ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰথম ভাষণ প্ৰদান।
▶️১৯৫৭ চনৰ আজিৰ দিনটোতেই স্পুটনিক-২ৰ উৎক্ষেপণ। এইটো উপগ্ৰহৰ ভিতৰত প্ৰথম পৃথিৱীৰ জীৱৰ (লাইকা নামৰ এজনী কুকুৰ) মহাকাশলৈ যাত্ৰা।এসপ্তাহ ধৰি লাইকা মহাকাশত জীয়াই আছিল আৰু তাইৰ স্বাস্থ্যৰ খবৰ পৃথিৱীৰ ভূকেন্দ্ৰই অনাতাঁৰযোগে সংগ্ৰহ কৰি আছিল। লাইকাক পৃথিৱীলৈ ওভতাই অনাৰ কোনো উপায় সেইসময়ত নাছিল। সেইবাবে মহাকাশতে লাইকাই নিজৰ জীৱন বিজ্ঞানৰ প্ৰগতিৰ বাবে উছৰ্গা কৰে।১৯৫৮ চনৰ ১৪ এপ্ৰিলৰ দিনা লাইকাৰ মৃতদেহসহ স্পুটনিক-২ৰ পৃথিৱীৰ বায়ুমণ্ডলত প্ৰবেশ ঘটে আৰু বায়ুমণ্ডলৰ ঘঁহনিত জ্বলি বিলীন হয়।
▶️১৯৬১ চনৰ এই দিনটোতেই ম্যানমাৰৰ ইউ থান্ট ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান পদত অধিষ্ঠিত হৈছিল।
▶️১৯৭৬ চনৰ আজিৰ দিনটোতেই জিমি কাৰ্টাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৩৯ সংখ্যক ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল।
▶️১৯৭৮ চনৰ আজিৰ দিনটোতেই ডোমিনিকাৰ স্বাধীনতা লাভ।
▶️১৯৯৬ চনৰ এই দিনটোতেই ষষ্ঠ জি-১৫ সন্মিলন আৰম্ভ।
▶️২০০০ চনৰ এই দিনটোতেই মেচ ফিক্সিঙৰ অপৰাধত মহম্মদ আজহাৰউদ্দিনসহ পাঁচজন ভাৰতীয় ক্ৰিকেটাৰ নিলম্বিত।
▶️২০০১ চনৰ আজিৰ দিনটোতেই উগ্ৰপন্থী সংগঠন লস্কৰ-ই-তৈবা আৰু জইছ-ই-মহম্মদক নিষিদ্ধ ঘোষণা।আফগানিস্তানৰ অপসাৰিত ৰজা জাহিৰ শ্বাহৰ তিনিজন কটকীক তালিবানৰ ফাঁচি।
▶️২০০৪ চনৰ এই দিনটোতেই ভাৰতীয় বংশোদ্ভৱ ববি জিন্দাল মাৰ্কিন সংসদৰ নিম্ন সদনলৈ নিৰ্বাচিত।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ৩ নৱেম্বৰ
Prev Post
You might also like