নিৰ্বাচনমুখী ছত্তীশগড়ত বৃহৎ পৰিমানৰ ধন জব্দ

মুঠ ৪.৯২ কোটি টকা জব্দ কৰাত সফল হয় কেন্দ্ৰীয় সংস্থাটো

নেচনেল ডেস্ক:

নিৰ্বাচনমুখী ছত্তীশগড়ত বৃহৎ পৰিমানৰ ধন জব্দ। নিৰ্বাচনত প্ৰভাৱ পেলোৱাৰ উদ্যেশ্যে মহাদেৱ এপে প্ৰেৰণ কৰা নগদ ৩.১২ কোটি টকা কঢ়িয়াই অনা কুৰিয়ৰ জব্দ EDৰ। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে ভিলাইৰ এটা ঘৰৰ পৰাও জব্দ কৰে ১.৮ কোটি টকা। ৰাজ্যখনৰ নিৰ্বাচনত প্ৰভাৱ পেলোৱাৰ সম্ভাব্য লক্ষ্যৰে ছত্তীশগড়লৈ প্ৰেৰণ কৰা মুঠ ৪.৯২ কোটি টকা জব্দ কৰাত সফল হয় কেন্দ্ৰীয় সংস্থাটো। উল্লেখ্য যে, এটা ৰাজনৈতিক দলৰ নিৰ্বাচনী খৰচৰ বাবে ইউ এ ইৰ পৰা মহাদেৱ এপৰ জৰিয়তে পঠিয়াইছিল ধনখিনি। মহাদেৱ এপৰ কেইটামান বেনামী বেংক একাউণ্টো চিনাক্ত কৰা হৈছে, য’ত প্ৰায় জমা হৈ আছে ১০ কোটি টকা । এই শেহতীয়া ধন লেনদেনত একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ ভূমিকাও আছে সন্দেহ আৱৰ্তত।

উল্লেখযোগ্য যে,ছত্তীশগড় বিধানসভাৰ নিৰ্বাচন দুটা পৰ্যায়ত ক্ৰমে ৭ আৰু ১৭ নৱেম্বৰত অনুষ্ঠিত হ’ব । ৩ ডিচেম্বৰত ঘোষণা কৰা হ’ব ফলাফল।।

You might also like
Leave A Reply

Your email address will not be published.