আজি ৪ নৱেম্বৰ

▶️১৯১৪ চনৰ আজিৰ দিনটোতেই ৰাছিয়াৰ আৰ্মেনিয়া আক্ৰমণ। ইংলেণ্ড,ৰাছিয়া,ফ্ৰান্স আৰু ছাৰ্বিয়াৰ বিৰুদ্ধে তুৰস্কৰ যুদ্ধ ঘোষণা।
▶️১৯২৫ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা ঋত্বিক ঘটকৰ জন্ম হৈছিল।
▶️১৯৩৬ চনৰ এই দিনটোতেই ‘মানৱ কম্পিউটাৰ’ নামে খ্যাত শকুন্তলা দেৱীৰ জন্ম হৈছিল।
▶️১৯৫২ চনৰ আজিৰ দিনটোতেই কৰিমগঞ্জৰ কালিনগৰ চাহ বাগিচাত কবি সনন্ত তাঁতীৰ জন্ম হৈছিল।
▶️১৯৫৪ চনৰ আজিৰ দিনটোতেই দাৰ্জিলিঙত হিমালয়ান মাউন্টেনিয়াৰিং ইনষ্টিটিউট প্ৰতিষ্ঠা।
▶️১৯৭০ চনৰ এই দিনটোতেই ভাৰতৰ কথক সম্ৰাট ৰূপে খ্যাত পণ্ডিত শম্ভু মহাৰাজৰ মৃত্যু।
▶️১৯৯২ চনৰ আজিৰ দিনটোতেই বিল ক্লিন্টনৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪২ সংখ্যক ৰাষ্ট্ৰপতি ৰূপে কাৰ্যভাৰ গ্ৰহণ ।
▶️১৮৮৯ চনৰ এই দিনটোতেই স্বাধীনতা সংগ্ৰামী তথা বাজাজ গ্ৰুপ অব ইণ্ডাষ্ট্ৰিজৰ অন্যতম প্ৰতিষ্ঠাপক যমনালাল বাজাজৰ জন্ম হৈছিল।
▶️২০০১ চনৰ আজিৰ দিনটোতেই বিশ্বত্ৰাস সৃষ্টি কৰা এনথ্ৰাক্সৰ প্ৰতিৰোধী বেজীৰ উদ্ভাৱন ভাৰতীয় বিজ্ঞানীৰ।
▶️২০০১ চনৰ আজিৰ দিনটোতেই ভাৰতৰ ছবি ‘লগান’লৈ অস্কাৰৰ মনোনয়ন।
▶️২০০২ চনৰ আজিৰ দিনটোতেই অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বীৰেন বৰকটকীৰ দেহাৱসান।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ দেৱগোস্বামী আৰু শাস্ত্ৰীয় সংগীতশিল্পী পাৰবীন চুলতানালৈ ২০০৪ বৰ্ষৰ শ্ৰীমন্ত শঙ্কৰদেৱ বঁটা ঘোষণা।
▶️২০০৮ চনৰ আজিৰ দিনটোতেই হিন্দুস্তানী ধ্ৰুপদী সংগীতৰ পুৰোধা ভীমসেন যোশীলৈ ভাৰতৰত্ন সন্মান।।

You might also like
Leave A Reply

Your email address will not be published.