বিধ্বংসী ধুমুহা চিয়াৰানৰ প্ৰকোপত স্তদ্ধ ইউৰোপৰ জনজীৱন

চিয়াৰানৰ ফলত মৃত্যু হৈছে শিশু-মহিলাসহ মুঠ চাৰিগৰাকীকৈ লোকৰ

ইণ্টাৰনেচনেল ডেস্ক:

বিধ্বংসী ধুমুহা চিয়াৰানৰ প্ৰকোপত স্তদ্ধ ইউৰোপৰ জনজীৱন। চিয়াৰানৰ সংহাৰত প্ৰভাৱিত হৈছে ফ্ৰান্স, বেলজিয়াম, চেনেল দ্বীপপুঞ্জ আৰু দক্ষিণ ইংলেণ্ড। ঘণ্টাত ২০০ কিলোমিটাৰতকৈ অধিক বেগেৰে ধুমুহাই আঘাট কৰে ফ্ৰান্সৰ উত্তৰ-পশ্চিম অঞ্চলত। চিয়াৰানৰ ফলত মৃত্যু হৈছে শিশু-মহিলাসহ মুঠ চাৰিগৰাকীকৈ লোকৰ। মৃত সকল ফ্ৰান্স আৰু বেলজিয়ামৰ । বতাহৰ প্ৰকোপত গছ-গছনি, টেলিফোন লাইন পথৰ ওপৰত ভাঙি পৰাৰ ফলত ব্যাহত হয় পৰিবহন ব্যৱস্থা। বিদ্যুৎ সংযোগ ব্যাহত হোৱাৰ ফলত প্ৰভাৱিত হৈছে প্ৰায় বাৰ লাখৰো অধিক লোক। ধুমুহাৰ ফলত ফ্ৰান্সৰ দুগৰাকী আৰু আৰু বেলজিয়ামৰ দুগৰাকী লোকৰ মৃত্যু ঘটিছে।।

You might also like
Leave A Reply

Your email address will not be published.