ইটালীত ভয়ংকৰ পথ দুৰ্ঘটনা!

দুৰ্ঘটনাত কমেও ২১ গৰাকী লোক নিহত

ইণ্টাৰনেচনেল ডেস্ক:

টালীত ভয়ংকৰ পথ দুৰ্ঘটনা।মঙলবাৰে উত্তৰ ইটালীৰ ভেনিচত সংঘটিত হয় দুৰ্ঘটনাটো। চহৰখনৰ সমীপৰ ওভাৰপাছৰ পৰা পৰ্যটক কঢ়িয়াই কেম্পগ্ৰাউণ্ডলৈ যোৱা অৱস্থাত উৰণসেতুৰ পৰা বাগৰি পৰে যাত্ৰীবাহী বাছ। দুৰ্ঘটনাত কমেও ২১ গৰাকী লোক নিহত হোৱাৰ বিপৰীতে আহত হয় ১৮ গৰাকী লোক। জানিব পৰা মতে বাছখনত ৪০ গৰাকী যাত্ৰী আছিল। বাছখন উৰণসেতুৰ পৰা ৫০ ফুট তলত বাগৰি পৰে। এই পৰ্যন্ত দুৰ্ঘটনাৰ কাৰণ স্পষ্ট হোৱা নাই। অৱশ্যে চালকজন দুৰ্ঘটনাৰ পূৰ্বে অসুস্থ হৈ পৰা বুলি ভেনিচ চহৰৰ কাউন্সিলাৰে সদৰি কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.