এইবেলিৰ ৰঙালী হ’ব ইতিহাস! বিহুৱা-নাচনীৰ বাবে সুখবৰৰ জোৱাৰ আনিলে মুখ্যমন্ত্ৰীয়ে!

১৪ এপ্ৰিলত গুৱাহাটীত বিহুৱে ৰচিব ইতিহাস।

নিউজ ডেস্ক: ১৪ এপ্ৰিলত গুৱাহাটীত বিহুৱে ৰচিব ইতিহাস। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত সৰুসজাইত বিশ্ব অভিলেখৰ লক্ষ্যৰে বাংময় পৰিৱেশ ৰচনাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৰাজ্য চৰকাৰে। ১৪ এপ্ৰিলত প্ৰধান মন্ত্ৰীৰ উপস্থিত সৰুসজাইত ১১,১৪০ গৰাকী শিল্পীয়ে প্ৰদৰ্শন কৰিব বিহু নৃত্য। বিশ্ব অভিলেখৰ বাবে বিভিন্ন জিলাৰ পৰা আহিব বিহুৱা-বিহুৱতী, ঢুলীয়া, পেঁপুৱা। প্ৰতিবাৰত ৭০ গৰাকী নাচনীৰ বিপৰীতে অংশ ল’ব ৩০ জনকৈ ঢুলীয়াই। বিশাল কাৰ্যসূচী ৰূপায়ণৰ বাবে ১ মাৰ্চৰ পৰা জিলাই জিলাই মাহজোৰাকৈ চলিব প্ৰশিক্ষণ। সোমবাৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰত আৰম্ভ হৈছে ৫০ গৰাকী মাষ্টাৰ ট্ৰেইনাৰৰ প্ৰশিক্ষণ। ১ মাৰ্চত প্ৰদৰ্শন হ’ব মাষ্টাৰ ট্ৰেইনাৰৰ বিহুনাচ। মাষ্টাৰ ট্ৰেইনাৰ সকলে জিলাই জিলাই গৈ কৰ্মশালাৰ যোগে বিহুৱা-বিহুৱতীসকলক প্ৰদান কৰিব প্ৰশিক্ষণ। মাষ্টাৰ ট্ৰেইনাৰসকলে বাছনী কৰিব বিহুৱা-বিহুৱতী। ৯-১২ এপ্ৰিললৈ গুৱাহাটীত হ’ব পূৰ্ণ পৰ্যায়ৰ আখৰা। ৯-১৫ এপ্ৰিললৈ ১১,১৪০ গৰাকী শিল্পীৰ গুৱাহাটীত থকা-খোৱাৰ বিনামূলীয়া ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে। এই কাৰ্যসূচীৰ বাবে নিজৰ জিলাত প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰতিগৰাকী বিহুৱা-বিহুৱতীয়ে দৈনিক ৩০০ টকাকৈ মাননি লাভ কৰাৰ বিপৰীতে গুৱাহাটীত প্ৰশিক্ষণ গ্ৰহণ কৰা বিহুৱা-বিহুৱতীয়ে দৈনিক লাভ কৰিব ১ হাজাৰ টকাকৈ। ইয়াৰ উপৰিও পোছাক আৰু আন খৰচৰ বাবে প্ৰতিগৰাকী বিহুৱা-বিহুৱতীয়ে পাব ৩০০০ টকা। প্ৰতিগৰাকী বিহুৱা-বিহুৱতীৰ বাবদ খৰচ হ’ব ১০,৫০০ টকা। ৰাজ্য চৰকাৰৰ বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ বিহুৱতীৰ বয়স হ’ব লাগিব ১৫-২৫বছৰ। অংশ লোৱা বিহুৱা-বিহুৱতীৰ নাম পৰ্টেল যোগে ৰেজিষ্টাৰ কৰিব জিলা উপায়ুক্তই। প্ৰতিগৰাকী অংশগ্ৰহণকাৰীয়ে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ তৰফৰ পৰা লাভ কৰিব বিশ্ব অভিলেখৰ চাৰ্টিফিকেট।

ৰাজ্য চৰকাৰৰ এই অনুষ্ঠানত ভাৰতৰ প্ৰতিখন ৰাজ্যৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰীসকলক নিমন্ত্ৰণ জনোৱাৰ উপৰিও G-20ৰ ৰাষ্ট্ৰদূত সকলকো আমন্ত্ৰণ জনাব ৰাজ্য চৰকাৰে। অনুষ্ঠানৰ বাবে ৰাজ্যৰ সংবাদ মাধ্যমৰ লগতে আমন্ত্ৰণ জনাব ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমক। বিহুৰ বাবে গঠন কৰা হৈছে মন্ত্ৰী গোট। ২০-৩০ মাৰ্চলৈ বিভিন্ন ৰাজ্যলৈ যাব মন্ত্ৰীসকল।

 

উল্লেখ্য যে, অহা বছৰৰ পৰা ৭ দিনীয়াকৈ ৰাজ্য চৰকাৰৰ উদ্যোগত অনুষ্ঠিত কৰা হ’ব ৰঙালী বিহু। দিনৰভাগতে ৰাজ্য চৰকাৰে পাতিব বিহু। বিগত বৰ্ষৰ দৰে এই বছৰো ১০ বছৰ পুৰণি বিহু সমিটিক ডেৰ লাখকৈ টকা দিব ৰাজ্য চৰকাৰে। ১৫ মে’ৰ পাছত বিহু পতা সমিতিয়ে নাপায় চৰকাৰৰ ধন।

অন্যহাতে ১ মাৰ্চৰ পৰা ১৪ এপ্ৰিললৈ ৰাজ্যত নিষিদ্ধ হ’ব পাৱাৰলুমৰ গামোচাৰ বিক্ৰী। পাৱাৰলুমৰ গামোচা আৰু মেখেলা-চাদৰ বন্ধ কৰাৰ প্ৰয়াসেৰে এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। আগন্তুক ৰঙালী বিহুৰ আয়োজনক লৈ জনতা ভৱনত বিশেষ সংবাদমেলত সবিশেষ জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।।

You might also like
Leave A Reply

Your email address will not be published.