ভয়ংকৰ নাও দুৰ্ঘটনাত ১২টা শিশুকে ধৰি বহু লোকৰ মৃত্যু

সাগৰ আৰু প্ৰান্তীয় উপকূল অঞ্চলত এতিয়াও অব্যাহত আছে আৰক্ষীৰ উদ্ধাৰ অভিযান

নেচনেল ডেস্ক

য়ংকৰ নাও দুৰ্ঘটনাত ১২টা শিশুকে ধৰি বহু লোকৰ মৃত্যু

ইটালীৰ কালাব্ৰিয়া অঞ্চলৰ উপকূলীয় চহৰ ক্ৰ’টনত এখন যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্রস্ত হয়। কমেও ১৫০ যাত্ৰী লৈ যাত্ৰাৰ সময়তে অতিৰিক্ত বোজা বহন কৰিব নোৱাৰি দুৰ্ঘটনাত পতিত হয় যাত্ৰীবাহী নাওখন । দুৰ্ঘটনাটোত ১২টা শিশুকে ধৰি কমেও ৫৯ গৰাকী প্ৰব্ৰজনকাৰীৰ মৃত্যু হোৱাৰ লগতে একাধিক প্ৰব্ৰজনকাৰী যাত্ৰী পানীত ডুব যোৱাৰ আশংকা কৰা হৈছে । সাগৰৰ পাৰৰ উপকূলৰ পৰা উদ্ধাৰ কৰা হৈছে বহু লোকৰ মৃতদেহ । সাগৰত নাওখন ডুব যোৱাৰ পিছত অশেষ কষ্টৰে পাৰ পাবলৈ সক্ষম হোৱা ৮০ গৰাকী লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰে উপকূলৰক্ষী আৰক্ষী বাহিনীৰ লোকে। ইতিমধ্যে একাংশ লোকক উদ্ধাৰ কৰা হৈছে যদিও বহু যাত্ৰী সন্ধানহীন হৈ আছে । জানিব পৰা মতে বে-আইনী ভাৱে নাওখনত প্ৰব্ৰজনকাৰী সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এজন লোকক । অত্যধিক বোজা আৰু প্ৰতিকূল বতৰৰ ফলত সাগৰৰ প্ৰবল জোৱাৰত নাওখন দুৰ্ঘটনাগ্রস্ত হৈছিল। সাগৰ আৰু প্ৰান্তীয় উপকূল অঞ্চলত এতিয়াও অব্যাহত আছে আৰক্ষীৰ উদ্ধাৰ অভিযান । আহতসকলক ইতিমধ্যে চিকিত্‍সালয়লৈ নিয়া হৈছে।

You might also like
Leave A Reply

Your email address will not be published.