ক’ভিড আপডেট

নিউজ ডেস্ক:

বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ২৮ গৰাকী লোক। আক্ৰান্ত সকলৰ ৮ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ, ৪ গৰাকী যোৰহাট জিলাৰ, ৩ গৰাকী বৰপেটা জিলাৰ, ৩ গৰাকী বঙাইগাঁও জিলাৰ আৰু ৩ গৰাকী নগাঁও জিলাৰ । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হোৱা নাই কোনো আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ২.৫১ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫৭ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ২,৭৮৬ গৰাকী । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ১২ গৰাকী আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ১.০৮ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৭৬ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ২৬,৫০৯ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.