বিস্ফোৰণত নিহত ১৭ জন সৈন্য!

ইণ্টাৰনেচনেল ডেস্ক:

বৃহস্পতিবাৰে দামাস্কাছৰ গ্ৰাম্য অঞ্চলত এখন সামৰিক বাছত সংঘটিত হয় ভয়ংকৰ বিস্ফোৰণ । বিস্ফোৰণৰ ফলত নিহত হয় ১৭ জন সৈন্য । বাতৰি প্ৰস্তুত কৰা পৰ্যন্ত কোনো ব্যক্তি বা সংগঠনে বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই। উল্লেখ্য যে, ছিৰিয়াত এটা দশক ধৰি চলি থকা সংঘাতত লাখ লাখ লোকৰ মৃত্যু ঘটিছে। দামাস্কাছ আৰু চৰকাৰৰ নিয়ন্ত্ৰণত থকা ছিৰিয়াৰ অন্যান্য অঞ্চলৰ আশে-পাশে নিৰাপত্তাজনিত ঘটনা বৃদ্ধি পাইছে।।

You might also like
Leave A Reply

Your email address will not be published.