গৃহ যুদ্ধত জৰ্জৰিত আফ্ৰিকা মহাদেশৰ ইথিওপিয়াত ভয়ংকৰ ঘটনা

বিস্ফোৰণত কমেও ২৬ গৰাকী লোক নিহত

ইণ্টাৰনেচনেল ডেস্ক:

গৃহ যুদ্ধত জৰ্জৰিত আফ্ৰিকা মহাদেশৰ ইথিওপিয়াত ভয়ংকৰ ঘটনা। দেশখনৰ ফিনোটে চেলাম অঞ্চলত চৰকাৰী সেনা বাহিনী আৰু স্থানীয় মিলিচীয়া গোটৰ মাজত চলি থকা তীব্ৰ যুদ্ধৰ মাজতে সংঘটিত হয় প্ৰচণ্ড বিস্ফোৰণ। বিস্ফোৰণত কমেও ২৬ গৰাকী লোক নিহত হোৱাৰ বিপৰীতে আহত হয় ৫০ গৰাকী লোক। আহতসকল ​ফিনোটে চেলাম জেনেৰেল হস্পিতালত চিকিৎসাধীন হৈ আছে।

উল্লেখ্য যে, চলিত মাহৰ আৰম্ভণিতে দেশখনৰ আমহাৰা অঞ্চলত চৰকাৰী সেনা বাহিনী আৰু ফানো নামেৰে জনাজাত স্থানীয় মিলিচীয়াৰ মাজত আৰম্ভ হৈছিল তুমুল যুদ্ধ । ইথিওপিয়া চৰকাৰে কেইবাদিনো ধৰি চলা সংঘৰ্ষৰ অন্তত ৪ আগষ্টত আমহাৰা অঞ্চলত ছমাহৰ বাবে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.