আজি ১৬ আগষ্ট

▶️১৮৮৬ চনৰ আজিৰ দিনটোতেই ৰামকৃষ্ণ পৰমহংসৰ মৃত্যু ঘটিছিল।
▶️১৯১০ চনৰ আজিৰ দিনটোতেই ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰসিদ্ধ কাব্য ‘গীতাঞ্জলি’ৰ প্ৰথম প্ৰকাশ। মূলতঃ এইখন গ্ৰন্থৰ ইংৰাজী অনুবাদ Song Offeringsৰ বাবে ১৯১৩ চনত তেঁও লাভ কৰিছিল সাহিত্যৰ নোবেল বঁটা।
▶️১৯৪৬ চনৰ আজিৰ দিনটোতেই কলকাতাৰ সাম্প্ৰদায়িক সংঘৰ্ষত কবি অমূল্য বৰুৱাৰ মৃত্যু ঘটিছিল।
▶️১৯৬২ চনৰ এই দিনটোতেই পণ্ডিচেৰী,কৰাইকল,মাহে আৰু ইয়ানামক লৈ সংযুক্ত পণ্ডিচেৰী কেন্দ্ৰীয়শাসিত অঞ্চল গঠিত হৈছিল।
▶️১৯৬৮ চনৰ আজিৰ দিনটোতেই মেক্সিকোত আৰম্ভ হৈছিল অলিম্পিক ক্ৰীড়া সমাৰোহ।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই উগাণ্ডাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, একনায়ক ইদি আমিনৰ মৃত্যু ঘটিছিল।
▶️১৮৬৭ চনৰ আজিৰ দিনটোতেই কাৰ্ল মাৰ্ক্সৰ প্ৰখ্যাত ‘ডাচ কেপিটেল’ৰ প্ৰথম খণ্ড প্ৰকাশ।
▶️১৯০৯ চনৰ এই দিনটোতেই পঞ্জাৱৰ বিশিষ্ট বিপ্লৱী মদনলাল ভিংৰাৰ ফাঁচি।
▶️১৯৪৬ চনৰ আজিৰ দিনটোতেই মুছলিম লীগৰ ‘ডাইৰেক্ট এক্সন ডে’ পালন। ই ক্ৰমে কলকাতাসহ ভাৰতৰ বিভিন্ন ঠাইত সাম্প্ৰদায়িক সংঘৰ্ষৰ ৰূপ লৈছিল। চৰকাৰী তথ্য মতে এই সংঘৰ্ষত প্ৰায় ৫ হেজাৰ লোক নিহত হোৱাৰ বিপৰীতে ১৫ হেজাৰ লোক আহত হৈছিল।
▶️১৯৬০ চনৰ এই দিনটোতেই ব্ৰিটিছ সাম্ৰাজ্যবাদৰ শাসনমুক্ত হৈ চাইপ্ৰাছৰ স্বাধীন ৰাষ্ট্ৰ ৰূপে আত্মপ্ৰকাশ।
▶️১৮৪৫ চনৰ এই দিনটোতেই ফৰাচী বিজ্ঞানী গেব্ৰিয়েল লিপমানৰ জন্ম হৈছিল। ১৯০৮ চনত তেঁও পদাৰ্থবিদ্যাৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯৪৫ চনৰ এই দিনটোতেই ভাৰতীয় ৰাজনীতিবিদ, অৰ্থনীতিবিদ পি চিদাম্বৰমৰ জন্ম হৈছিল। দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী চিদাম্বৰম ভাৰতীয় অৰ্থনৈতিক ক্ষেত্ৰখনৰ একাধিক প্ৰভাৱশালী কাৰ্যৰ বাবে সুপ্ৰসিদ্ধ।।

You might also like
Leave A Reply

Your email address will not be published.