এপটেকৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া ড° অনিল পন্তৰ দেহাৱসান

ভগ্ন স্বাস্থ্যৰ বাবে ছুটীত থকাৰ কেইমাহমান পিছতে ১৫ আগষ্টত মৃত্যু হয় ড° পন্তৰ

নিউজ ডেস্ক:

পটেকৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া ড° অনিল পন্তৰ দেহাৱসান। ভগ্ন স্বাস্থ্যৰ বাবে ছুটীত থকাৰ কেইমাহমান পিছতে ১৫ আগষ্টত মৃত্যু হয় ড° পন্তৰ। কোম্পানীয়ে জাৰি কৰা এক বিজ্ঞপ্তিত প্ৰকাশ এই খবৰটো । চলিত বৰ্ষৰ ১৯ জুনত স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে অনিৰ্দিষ্টকালৰ বাবে ছুটী লৈছিল ড° পণ্টে।

ড° অনিল পন্ত ২০১৬ চনৰ পৰা এপটেকৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া হিচাপে দায়িত্ব বহন কৰিছিল। তেওঁৰ নেতৃত্বত এপটেকে লাভ কৰিছিল বহু স্বীকৃতি । ২০১৮ চনত চিএমএমআই ইনষ্টিটিউটে পিপল কেপেবিলিটি মেচিউৰিটি মডেল আৰু কেপেবিলিটি মেচিউৰিটি মডেলৰ মেচিউৰিটি লেভেল ৩ মুল্যায়ন কৰা হৈছিল এপটেকক ।

এপটেকৰ দায়িত্ব লোৱাৰ পূৰ্বে ড° অনিল পণ্ট টাটা কনছালটেন্সি চাৰ্ভিচেছ (টিচিএছ) আৰু চিফাই টেকন’লজিছৰ দৰে বৃহৎ কোম্পানীৰে জড়িত আছিল। ২৫ বছৰতকৈও অধিক অভিজ্ঞতাৰে পৰিপক্ক, ড° পন্তে ১৫ বছৰতকৈ অধিক সময় আই টি আৰু যোগাযোগ খণ্ডৰ গুণগত, বিক্ৰী, বিপণন, ডেলিভাৰী, প্ৰডাক্ট মেনেজমেণ্টকে ধৰি বিভিন্ন দায়িত্বত নিজৰ কৰ্মদক্ষতা দেখুৱাবলৈ সক্ষম হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.