স্প’ৰ্টছ ডেস্ক:
টীম ইণ্ডিয়াৰ T-20 শৃংখলা দখল। আয়াৰলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন মেচ জয়ী হোৱাৰ লগে লগে পেচ স্পীয়াৰহেড যছপ্ৰীত বুমৰাহৰ নেতৃত্বত টীম ইণ্ডিয়াই শৃংখলা দখল কৰিবলৈ সক্ষম হয় । কালি ডাবলিনত অনুষ্ঠিত হৈ যোৱা দ্বিতীয়খন মেচত ৩৩ ৰানৰ ব্যৱধানত জয়ী হৈ T-20 ৰ তিনিখনীয়া শৃংখলাত ২-০ ৰ অগ্ৰগতি লাভ কৰে টীম ইণ্ডিয়াই। প্ৰথমে বেটিং কৰি ৰিতুৰাজ গাইকোৱাডৰ ৫৮, সঞ্জু চেমচানৰ ৪০ আৰু ৰিংকু সিঙৰ বিষ্ফোৰক ৩৮ ৰানৰ সহায়ত পাঁচটা উইকেট হেৰুৱাই নিৰ্ধাৰিত ২০ অ’ভাৰত ১৮৫ ৰান সংগ্ৰহ কৰে টীম ইণ্ডিয়াই । আয়াৰলেণ্ডৰ হৈ বেৰী মেকাৰ্থীয়ে লাভ কৰে ২টা উইকেট। প্ৰত্যুত্তৰত আয়াৰলেণ্ডে নিৰ্ধাৰিত অ’ভাৰত বলবিৰ্নিৰ ৭২ ৰানৰ সহায়ত সংগ্ৰহ কৰে মাত্ৰ ১৫২ ৰান। টীম ইণ্ডিয়াৰ হৈ বুমৰাহ,প্ৰসিদ্ধ কৃষ্ণা আৰু ৰবি বিষ্ণই দখল কৰে ২টা কৈ উইকেট। ৰিংকু সিং খেলখনৰ মেন অৱ দ্যা মেচ।।