দামাস্কাছত ইজৰাইলৰ ভয়ংকৰ মিছাইল আক্ৰমণ!

দামাস্কাছত ইজৰাইলৰ ভয়ংকৰ মিছাইল আক্ৰমণ!

ইন্টাৰনেচনেল ডেস্ক:

ছিৰিয়াৰ আৱাসিক অট্টালিকাত ইজৰাইলৰ ভয়ংকৰ মিছাইল আক্ৰমণ। ইজৰাইলৰ ক্ষেপণাস্ত্ৰই এটা অট্টালিকাত খুন্দা মৰাৰ ফলত নিহত হয় প্ৰায় ১৫ জনকৈ লোক। দেওবাৰে ছিৰিয়াৰ ৰাজধানী চহৰ দামাস্কাছত সংঘটিত হয় এই ভয়ংকৰ ঘটনা। ৰাজ্যিক সংবাদ সংস্থাই জনোৱা অনুসৰি মাত্ৰ দুসপ্তাহৰ পূৰ্বে এক বৃহৎ ভূমিকম্পই জোকাৰি যোৱা এটা আৱাসিক চুবুৰীক আক্ৰমণৰ লক্ষ্য কৰি লয় ইজৰাইলে। ছিৰিয়াৰ মানৱ অধিকাৰ মানৱ নিৰীক্ষণ কেন্দ্ৰই জনোৱা মতে, ইৰাণৰ সাংস্কৃতিক কেন্দ্ৰৰ ওচৰত সংঘটিত হোৱা এই আক্ৰমণত সাধাৰণ নাগৰিককে ধৰি ১৫ জন লোকৰ মৃত্যু হৈছে।

উল্লখ্য যে জ্যেষ্ঠ নিৰাপত্তা বিষয়া, নিৰাপত্তা শাখা আৰু চোৰাংচোৱাৰ মুখ্য কাৰ্যালয় অৱস্থিত ছিৰিয়াৰ ৰাজধানীৰ উচ্চ নিৰাপত্তাসম্পন্ন অঞ্চল কাফ্ৰ ছৌছাত সংঘটিত হৈছে এই আক্ৰমণ।।

You might also like
Leave A Reply

Your email address will not be published.