নিউজ ডেস্ক:
৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাত অসমীয়া ছবিৰ জয়যাত্ৰা। অনুৰাধা শৰ্মা পূজাৰীৰ কাহিনীৰে নিৰ্মিত মঞ্জুল বৰুৱাৰ ‘অনুৰ’লৈ শ্ৰষ্ঠ অসমীয়া ছবিৰ বঁটা। চলিত বৰ্ষৰ ২৭ জানুৱাৰীত মুক্তি লাভ কৰিছিল ছবিখনে৷ আনহাতে ‘বুম্বা ৰাইড’ ছবিখনে মিছিং ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মানৰূপে ‘ৰজত কমল’ বঁটা লাভ কৰাৰ বিপৰীতে ‘FIRE ON EDGE’ ছবিখনে লাভ কৰিছে তিৱা ভাষাৰ শ্ৰেষ্ঠ নৃতাত্বিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা। প্ৰণৱজ্যোতি ডেকাই পৰিচালনা কৰিছিল চিনেমাখন।
কুলদা কুমাৰ ভট্টাচাৰ্যলৈ শ্ৰেষ্ঠ ধাৰাভাষ্যকাৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। কৃপাল কলিতাৰ ‘হাতীবন্ধু’ৰ বাবে কুলদা কুমাৰ ভট্টাচাৰ্যলৈ এই ৰাষ্ট্ৰীয় সন্মান। ইফালে ৰীমা বৰাৰ ‘অনুনাদ’লৈ আগবঢ়োৱা হৈছে সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবিৰ বঁটা।।