পুনৰ ৰে’লত ভয়ংকৰ অঘটন। চলন্ত অৱস্থাতেই জ্বলিল হোলী বিশেষ যাত্ৰীবাহী ৰে’ল। জানিব পৰা মতে দনাপুৰৰ পৰা মুম্বাই অভিমুখে গৈ আছিল ৰেলখন। বিহাৰৰ আৰা ষ্টেচনত মঙলবাৰে নিশাৰ ভাগত এখন হোলী বিশেষ ট্ৰেইনৰ এয়াৰ কণ্ডিচনাৰ (AC) ডবাত অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ড হোৱাৰ পাছতে যাত্ৰীৰ মাজত হুৱাদুৱা পৰিস্থিতি হয়। তথ্য অনুসৰি জুইৰ সূত্ৰপাত কাৰণ শ্বৰ্ট চাৰ্কিত বুলি কোৱা হৈছে। কথমপি ৰক্ষা সকলো যাত্ৰী। ঘটনাৰ পিছত বহু সময়লৈ নতুন দিল্লী-হাওৰা ৰে’লপথ বন্ধ হৈ পৰে আৰু এই ঘটনাৰ পাছত কেইবাখনো ৰে’লৰ গতিপথ সলনি কৰা হয়।
![](https://nebharat24.com/wp-content/uploads/2021/12/nebharat-square-150x150.png)