সুৰা কেলেংকাৰীৰ টকা ক’ত আছে ক’ব কেজৰিৱালে

২৮ মাৰ্চত আদালতত হ’ব তথ্য বিস্ফোৰণ

সুৰা কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হোৱা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পত্নীয়ে আজি সামাজিক মাধ্যমযোগে কৰা এক মন্তব্যই এতিয়া তোলপাৰ লগাইছে দেশ। সামাজিক মাধ্যমযোগে দেশবাসীক সম্বোধন কৰি কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালে জনাই যে, ২৮ মাৰ্চত হ’বলগীয়া শুনানিত সুৰা কেলেংকাৰী সন্দৰ্ভত তথ্য বিস্ফোৰণ কৰিব কেজৰিৱালে। তেওঁ লগতে কয় যে, এই শুনানিতে কেজৰিৱালে সুৰা কেলেংকাৰীৰ টকা ক’ত আছে সকলো কথা প্ৰকাশ কৰাৰ লগতে প্ৰমাণো দাখিল কৰিব।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কাৰাগাৰৰ পৰা দিয়া আদেশৰ সমালোচনা কৰা বিজেপি নেতাসকলক সমালোচনা কৰি সুনীতা কেজৰিৱালে কয় যে, দুদিন পূৰ্বে দিল্লীবাসীৰ সুচিন্তা কৰি অৰবিন্দ কেজৰিৱালে দিল্লীৰ জলমন্ত্ৰী শ্ৰীমতী আতিষীক চহৰখনৰ কিছু অংশত পানী যোগান আৰু নৰ্দমা সমস্যা সমাধান কৰিবলৈ নিৰ্দেশ দিছিল আৰু মঙলবাৰে দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সৌৰভ ভৰদ্বাজক দিল্লীৰ চৰকাৰী ক্লিনিকসমূহত বিনামূলীয়া ঔষধৰ যোগান নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছিল। কেজৰিৱালে জনতাৰ হিতৰ কথা চিন্তা কৰিয়ে কাৰাগাৰৰ পৰাই এই নিৰ্দেশসমূহ দিছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবেও তেওঁৰ ওপৰত গোচৰ আৰোপ কৰিছে বুলি কৈ বিজেপি চৰকাৰে দিল্লীবাসীক মাৰিব বিচাৰিছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰে।

সুনীতা কেজৰিৱালে লগতে কয় যে, অৰবিন্দ কেজৰিৱালে তেওঁক কৈছিল যে যোৱা দুটা বছৰত EDয়ে তথাকথিত সুৰা নীতিৰ গোচৰত ২৫০ টা অভিযান চলাইছে। তেওঁলোকে এই তথাকথিত কেলেংকাৰীৰ পৰা টকা বিচাৰি আছে। কিন্তু এতিয়ালৈকে তেওঁলোকে অবৈধ ধনৰ এটা পইচাও উদ্ধাৰ কৰা নাই।

দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়া আৰু ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক বিগত বৰ্ষত সুৰা নীতি কেলেংকাৰীৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছিল। মনীষ চিছোদিয়াক ফেব্ৰুৱাৰী মাহত আৰি সঞ্জয় সিঙক অক্টোবৰক গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰ পিছত শেহতীয়াকৈ দিল্লীৰ মুখ্যমন্ত্ৰীজনৰ গ্ৰেপ্তাৰৰ পিছতে ই সমগ্ৰ দেশতেই বিৰোধী ঐক্যই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰিছিল।

You might also like
Leave A Reply

Your email address will not be published.