শাস্তিৰ সন্মুখীন গুজৰাট টাইটানছৰ নৱ অধিনায়ক

১২ লাখ টকাৰ জৰিমনা ভৰিব লাগিব শুভমন গিলে

বুধবাৰে IPL 2024ৰ শৃংখলাৰ সপ্তমখন মেচত চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অভাৰ-ৰেট পেনাল্টিৰ সন্মুখীন হয় গুজৰাট টাইটানছ দলৰ নৱ অধিনায়ক শুভমন গিল। চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে শৃংখলাটোৰ প্ৰথমখন মেচত লেহেম অভাৰ-ৰেটৰ বাবে শুভমন গিলক ১২ লাখ টকাৰ জৰিমনা বিহা হয়।
এক বিবৃতিত যোগে IPL কৰ্তৃপক্ষই জনাই যে, যিহেতু নিম্নতম অভাৰ-ৰেট অপৰাধ সম্পৰ্কীয় ILPৰ আচৰণ বিধিৰ অধীনত এইটো গুজৰাট টাইটানছ দলৰ ছিজনৰ প্ৰথম অপৰাধ আছিল, সেয়ে অধিনায়ক শুভমন গিলক ১২ লাখ টকাৰ জৰিমনা বিহা হৈছে।
ILPৰ খেলৰ নিয়ম অনুসৰি, ইনিংছৰ ২০ তম অভাৰটো ইনিংছ আৰম্ভ হোৱাৰ ৯০ মিনিটৰ ভিতৰত (খেলৰ সময়ৰ ৮৫ মিনিট আৰু ৫ মিনিট সময়-আউট হোৱাৰ) ভিতৰত শেষ হ’ব লাগে।
উল্লেখ্য যে, যিহেটু গুজৰাট টাইটানছ দলৰ বাবে অভাৰ-ৰেট সম্পৰ্কীয় এইটো প্ৰথম অপৰাধ আছিল সেয়ে শুভমন গিলক ১২ লাখ টকাৰ জৰিমনা বিহা হৈছে। কিন্তু যদিহে এটা দলে দ্বিতীয়বাৰৰ বাবে লেহেম-অভাৰ-ৰেটৰ বাবে দোষী সাব্যস্ত হয়, তেন্তে সেই দলটোৰ অধিনায়কে এখন মেচত খেলাৰ পৰা নিষেধাজ্ঞাৰ সন্মুখীন হ’বলগীয়া হয়।

২৬ মাৰ্চত উদীয়মান তাৰকাজনে গুজৰাট টাইটানছৰ অধিনায়ক হিচাপে তেওঁৰ প্ৰথম পৰাজয়ৰ সন্মুখীন হয়। বুধবাৰে এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত চেন্নাই চুপাৰ কিংছৰ হাতত গুজৰাট টাইটানছ ৬৩ ৰাণত পৰাজিত হয়।
শুভমান গিলে টছত জয়ী হৈ প্ৰথমে বলিঙৰ সিদ্ধান্ত লয়। চেন্নাই চুপাৰ কিংছে পাৱাৰপ্লেত ৬৯ ৰাণ সংগ্ৰহ কৰি ২০ অভাৰত মুঠ ২০৬ ৰাণ সংগ্ৰহ কৰে। ২০৭ ৰাণৰ লক্ষ্য লৈ খেলপথাৰত নমা গুজৰাট টাইটানছে ২০ অভাৰত ১৪৩ ৰাণ সংগ্ৰহ কৰি ইনিংছৰ সামৰণি মাৰে।

You might also like
Leave A Reply

Your email address will not be published.