ইণ্টাৰনেচনেল ডেস্ক:
মধ্য আমেৰিকাৰ হণ্ডুৰাছত ভয়ংকৰ বাছ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দলঙত খুন্দা মাৰি নদীত বাগৰি পৰিল এখন যাত্ৰীবাহী বাছ। তথ্য মতে, বাছখনত ৬০ গৰাকী যাত্ৰী আছিল। দুৰ্ঘটনাৰ ফলত থিতাতে নিহত ১২ গৰাকী লোক। আনহাতে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ৪০ গৰাকীকৈ লোক। আহতসকলক ততাতৈয়াকৈ নিকটৱৰ্তী চিকিতসালয়লৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনাটো সংঘটিত হয় হণ্ডুৰাছৰ ৰাজধানী টেগুচিগালপাৰ পৰা প্ৰায় ৪১ কিলোমিটাৰ দূৰত্বত। দুৰ্ঘটনাটোত মৰ্মাহত হণ্ডুৰাছ চৰকাৰে তিনিদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে।।