নেচনেল ডেস্ক:
নতুন দিল্লীত যোৱা নিশা ২০২৪ চনৰ সমাগত লোকসভা নিৰ্বাচনৰ কৌশল সন্দৰ্ভত অনুষ্ঠিত হয় বিজেপিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক।এই বৈঠক অনুষ্ঠিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাসগৃহত। বৈঠকত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, দলৰ সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোছকে ধৰি জ্যেষ্ঠ নেতাসকল । প্ৰাপ্ত খবৰ মতে, পাঁচ ঘণ্টাৰো অধিক সময় ধৰি চলা বৈঠকখনত এক বৃহৎ সালসলনিৰ বিষয়ে আলোচনা কৰা হয়। সাংগঠনিক আৰু ৰাজনৈতিক বিষয়ক লৈ মাৰাথন আলোচনা অনুষ্ঠিত হোৱা বৈঠকখনৰ সন্দৰ্ভত দলটোৱে এতিয়ালৈকে আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।
কৰ্ণাটকত পৰাজয়ৰ পিছতে বিজেপিয়ে চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া চাৰি ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ বাবে প্ৰচাৰৰ আৰ্হি প্ৰস্তুত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। উল্লেখ্য যে, চলিত বৰ্ষৰ শেষৰ ফালে মধ্যপ্ৰদেশ, ৰাজস্থান, তেলেংগানা আৰু ছত্তীশগড়ত অনুষ্ঠিত হ’ব বিধান সভাৰ নিৰ্বাচন। নিৰ্বাচনমূখী ৰাজ্য চাৰিখনৰ ভিতৰত একমাত্ৰ মধ্যপ্ৰদেশহে বিজেপি শাসিত ৰাজ্য।।