আজি ঘোষণা হ’ব লোকসভা নিৰ্বাচনৰ দিন

৪ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰো সম্ভাৱনা

জি ঘোষণা হ’ব লোকসভা নিৰ্বাচনৰ দিন। বিয়লি ৩ বজাত নিৰ্বাচন আয়োগে সংবাদমেল যোগে ঘোষণা কৰিব নিৰ্বাচনৰ সূচী। ২০২৪ ৰ লোকসভা নিৰ্বাচন ৭/৮ টা পৰ্যায়ত অনুষ্ঠিত কৰাৰ সম্ভাৱনা। আজিৰ সংবাদ মেলতেই লোকসভা নিৰ্বাচনৰ লগতে ৪খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ দিনো ঘোষণা কৰিব পাৰে ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগে। ঘোষণা হ’ব পাৰে অৰুণাচল প্ৰদেশ, অন্ধ্ৰ প্ৰদেশ, ছিক্কিম আৰু উৰিষ্যাৰ বিধান সভা নিৰ্বাচনৰ দিন। এপ্ৰিল বা মে’ মাহত উক্ত ৰাজ্যসমূহত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা। আজি নিৰ্বাচনৰ তাৰিখ, পৰ্যায়ৰ লগতে বিভিন্ন অঞ্চলৰ নিৰাপত্তা সন্দৰ্ভতো সদৰি কৰিব নিৰ্বাচনী আয়োগে।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ৰাজ্যৰ মৰ্যাদা পুনৰুদ্ধাৰৰ প্ৰথম পদক্ষেপ হিচাপে জন্মু-কাশ্মীৰ আৰু লাডাখতো ২০২৪ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। ৩০ চেপ্তেম্বৰৰ পূৰ্বেই জম্মু-কশ্মীৰ আৰু লাডাখত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা। এই বৰ্ষৰ শেষৰ ফালে মহাৰাষ্ট্ৰ, হাৰিয়ানা আৰু ঝাৰখণ্ডৰ বিধান সভা নিৰ্বাচনো অনুষ্ঠিত হ’ব।
অসমত ৰঙালী বিহুৰ পূৰ্বেই নিৰ্বাচন অনুষ্ঠিত কৰাৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পশ্চিম বংগৰো ৪২ খন আসনৰ বাবে একক পৰ্যায়ৰ নিৰ্বাচনৰ আহ্বান তৃণমূল কংগ্ৰেছৰ।

You might also like
Leave A Reply

Your email address will not be published.