২৫জন নিৰীহ কৰ্মচাৰীক গুৰুলা-গুৰুলকৈ প্ৰহাৰ!

বৃহস্পতিবাৰে বিয়লিৰ ভাগত মহানগৰীৰ বৰ্ণিহাটত এক প্ৰচণ্ড মাৰ পিটৰ ঘটনা সংঘটিত হয়। একাংশ লোকে বৰ্ণিহাটৰ এটা উদ্যোগৰ ভূমিত প্ৰৱেশ কৰি চুক্তিমৰ্মে মালিকীচৰ্ত লাভ কৰা ভূমিডৰাৰ গৰাকীৰ লগতে ২৫জন নিৰীহ কৰ্মচাৰীক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে। বৰ্ণিহাটৰ ভূমিডৰাৰ গৰাকী নাম আছিল প্ৰেমলতা দেৱী আগৰৱালা। প্ৰেমলতা দেৱী আগৰৱালাৰ পৰা চুক্তিমৰ্মে ভূমিডৰাৰ স্বত্ত লাভ কৰে দীনেশ আগৰৱালা ওৰফে পাপু আগৰৱালা নামৰ এগৰাকী ব্যৱসায়ীগৰাকীয়ে। ভূমিডৰাত ব্যৱসায়ী পাপু আগৰৱালাই এটা উদ্যোগ প্ৰতিষ্ঠাৰৰ কাম হাতত লৈছিল। এই উদ্যোগত একাংশ কৰ্মচাৰীয়ে দিনে-নিশাই কাম কাৰ পৰিলক্ষিত হয়। এনে অৱস্থাতে জ’ন মাৰাক নামৰ মেঘালয়ৰ এজন গাওঁবুঢ়াৰ নেতৃত্বত একাংশ উন্মত্ত লোকে উদ্যোগটোত থকা লোকসকলৰ ওপৰত আক্ৰমণ কৰাৰ ঘটনাই ৰসহ্য সৃ্ষ্টি কৰিছে।

উল্লেখ্য লোকসকলে হাতে হাতে জাঠী-জোং লৈ আক্ৰমণ কৰে দীনেশ আগৰৱালাৰ কৰ্মচাৰীসকলকস আৰু ঘটনাস্থলীত উপস্থিত হোৱা দীনেশ আগৰৱালাকো এই উন্মত্ত লোকসকলে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে।জানিব পৰা মতে জ’ন মাৰাক নামৰ লোকজন মেঘালয়ৰ গাঁওবুঢ়া লগতে এজন মাটিৰ দালাল বুলিও অভিযোগ উত্থাপন হৈছে।

এই ক্ষেত্ৰত সোণাপুৰ আৰক্ষীৰ ভূমিকাও সন্দেহজনক ৰূপে চিহ্নিত হৈছে কাৰণ ঘটনা সংঘটিত হোৱাৰ প্ৰায় ডেৰ ঘণ্টা পাছতহে সোণাপুৰ আৰক্ষীজোৱান সকল ঘটনাস্থলীত উপস্থিত হয়। অৰ্থাত এই আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ বাবে সময় দিয়াৰ অভিযোগ উত্থাপিত হৈছে সোণাপুৰ আৰক্ষীৰ বিৰুদ্ধে। সোণাপুৰৰ OC হীৰকজ্যোতি শইকীয়া আৰু তেওঁৰ তলতীয়া বিষয়া জনৈক দেহালৰ বিৰুদ্ধে ভূ-মাফিয়া জন মাৰাকেৰে গোপন বুজাবুজি থকাৰ অভিযোগ উত্থাপিত হৈছে।ইতিমধ্যে ঘটনা সন্ধৰ্ভত সোনাপুৰ আৰক্ষীক এজাহাৰ দাখিল কৰে দীনেশ আগৰৱালাই।আৰু এই এজাহাৰৰ ভিক্তিত সোনাপুৰ আৰক্ষীয়ে গোচৰ নম্বৰ 43/2024 ৰ কেইবাটাও IPC ধাৰা 447/448/323/325/336/427/34 ৰুজু কৰে গোচৰ।

কিন্তু আচৰ্য্যজনক বিষয় যে ভুক্তভুগিৰ মতে যিহেতুকে এই ঘটনাত হত্যাৰ চেষ্টা চলোৱা হৈছিল কিন্তু সোনাপুৰ আৰক্ষীয়ে সাধাৰণ কেইটামান বেইল এবল গোচৰ ৰুজু কৰি দ্বায়িত্ব সামৰাৰ অভিযোগ উত্থাপন হৈছে।আৰু ভূমি বেদখল ৰোধৰ এখন আইন আছে সেই আইনখনৰো কোনো ধাৰা এই গোচৰত সনিবিষ্ট কৰা দেখা নগ’ল বুলি প্ৰশ্ন উত্থাপন হয়।আৰু এই ঘটনাটোত খোদ সোনাপুৰ আৰক্ষী দালাল চক্ৰৰ লগত জৰিত আছে নেকি বুলিও প্ৰশ্ন উত্থাপন হয়।ঘটনাৰ ২৪ ঘন্টা উকলি যোৱাৰ পাছতো এতিয়ালৈ এজনো অভিযুক্তক আটক কৰিবলৈ সক্ষম হোৱা নাই সোণাপুৰ আৰক্ষী।

You might also like
Leave A Reply

Your email address will not be published.