বিলাসীপাৰাত ভয়ঙ্কৰ ঘটনা

JCB ৰে খান্দি চাৰি শ্ৰমিকক উদ্ধাৰ

কোকৰাঝাৰ মালগাঁৱত ইটা ভাটাত ডগ ভাঙি চাৰিজনকৈ শ্ৰমিকে গুৰুত্বৰ আঘাটপ্ৰাপ্ত হৈছে।ইটাৰ কাম কৰি থকা অৱস্থাত ডগ ভাঙি ইটাৰ তলত পৰে চাৰিজনকৈ শ্ৰমিক।ভাটাৰ স্বত্তাধিকাৰীয়ে JCB ৰে খান্দি চাৰি শ্ৰমিকক উলিয়াই ততাতৈয়াকৈ বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত প্ৰেৰণ কৰে যদিও এজন শ্ৰমিকে চিকিৎসালয়তেই কৰুণ মৃত্যুক সাৱটিব লগীয়া হয়।মৃত শ্ৰমিক গৰাকীৰ নাম হাছিনা বিবি বুলি জানিব পৰা গৈছে।সম্প্ৰতি আন তিনিজন শ্ৰমিকক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ধুবুৰী মেডিকেল কলেজ আৰু কোকৰাঝাৰ অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰা হৈছে।স্থানীয় ৰাইজৰ মতে ইটা ভাটাৰ স্বাত্বাধিকাৰীৰ চৰম গাফিলতিৰ ফলত এনে অনাকাঙ্খিত দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।ঘটনাৰ উচিত তদন্ত বিচাৰি কোকৰাঝাৰ জিলা প্ৰশাসনক দাবী জনাইছে স্থানীয় ৰাইজে।ঘটনাস্হলীত কোকৰাঝাৰ আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

You might also like
Leave A Reply

Your email address will not be published.