ৰাজ্যত অব্যাহত বাৰ্মিজ চুপাৰিৰ অবৈধ সৰবৰাহ

ৰাজ্যত অব্যাহত বাৰ্মিজ চুপাৰিৰ অবৈধ সৰবৰাহ।ৰাজ্যৰ ভিন্ন স্থানৰ পৰা বিভিন্ন সময়ত বাৰ্মিজ চুপাৰিৰ ভৰ্তি ট্ৰাক জব্দ হোৱা পৰিলক্ষিত হৈছে।নিতৌ নতুন নতুন কৌশল অৱলম্বন কৰি একাংশ ক’লা ব্যৱসায়ীয়ে বহু সময়ত গোপনে বাৰ্মিজ চুপাৰি সৰবৰাহৰ চেষ্টা কৰি আহিছে। পুনৰবাৰ গোলাঘাট জিলাৰ মাজেৰে অবৈধ বাৰ্মিজ চুপাৰি সৰবৰাহৰ ছিণ্ডিকেটে গুৰুতৰ অভিযোগ উঋাপন কৰিছে একাংশ দকল সংগঠনে। বাৰ্মিজ চুপাৰিৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে বিভিন্ন সময়ত বিভিন্ন দল- সংগঠনে প্ৰতিবাদ অভিযোগ উঋাপন কৰি আহিছে যদিও এতিয়ালৈ বন্ধ হোৱা নাই সৰবৰাহ।

ৰাজ্য চৰকাৰে যিটো সময়ত চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনতশীলতাৰ কথা কৈ দুৰ্নীতি নিৰ্মূল কৰাত উঠি পৰি লাগিছে , থিক সেই সময়তে একাংশই মন্ত্ৰী আমোলাৰ পৃষ্ঠপোষকতাৰ বাৰ্মিজ চুপাৰীৰ অবৈধ সৰবৰাহ অব্যাহত ৰখাৰ গুৰুতৰ অভিযোগ উঋাপন কৰিছে একাংশ দকল সংগঠনে ।নিশা হলেই এনেদৰে বহিঃৰাজ্যলৈ সৰবৰাহ কৰা হয় ট্ৰাক ভৰ্তি বাৰ্মিজ চুপাৰি।এই ঘটনা গোলাঘাট ফৰকাটিঙৰ ৰঙাজানত সংঘটিত হয়। WBME 0042 নম্বৰৰ ট্ৰাক খনেৰে সন্দেহজনক বাৰ্মিজ চুপাৰি সৰবৰাহ কৰা পৰিলক্ষিত হৈছে।অসমীয়া যুৱ মঞ্চ নামৰ এটা সংগঠনে ইতিমধ্যে শিৱচৰণ হাতীবৰুৱা নামৰ লোক এজনৰ নেতৃত্বত এই বাৰ্মিজ চুপাৰিৰ চিণ্ডিকেট চলি থকাৰ অভিযোগ দাখিল কৰিছে। চৰকাৰৰ একাংশ মন্ত্ৰী আমোলাৰ ঘনিষ্ঠ বুলি চিনাকি দি ফুৰা এই শিৱচৰণ হাতীবৰুৱা নামৰ লোক জনৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে উচিত তদন্ত চলাই কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে নকৰে সেয়া লক্ষ্যণীয় হ’ব।দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা চৰকাৰে পাৰিবনে বন্ধ কৰিব বাৰ্মিজ চুপাৰীৰ এই অবৈধ সৰবৰাহ সেয়া একাংশ সচেতন মহলৰ মাজত প্ৰশ্ন আহি পৰিছে।

You might also like
Leave A Reply

Your email address will not be published.