ৰাজ্যৰ শিক্ষকসকললৈ শিক্ষা বিভাগৰ বিশেষ জাননী, ‘বিপাসনা’ পাঠ্যক্ৰমৰ বাবে শিক্ষকক দিব ১২ দিনৰ বিশেষ ছুটী!
ৰাজ্যৰ শিক্ষকসকলক লৈ শিক্ষা বিভাগে প্ৰকাশ কৰিছে এখন বিশেষ জাননী।
এই জাননী অনুসৰি প্ৰতিগৰাকী শিক্ষকে ১২ দিনৰ বিশেষ ছুটী লাভ কৰিব। কিন্তু এই ছুটী পাঠ্যক্ৰমৰ বাবে নহয়, ‘বিপাসনা’ৰ বাবেহে ছুটী প্ৰদান কৰা হ’ব । শিক্ষকসকলে ১০ দিনৰ ‘বিপাসনা’ৰ পাঠ্যক্ৰম কৰিব লাগিব। ইয়াৰ লগতে অহা-যোৱাৰ বাবে শিক্ষকসকলক দুদিনৰ ছুটীও প্ৰদান কৰা হ’ব। এই নিৰ্দেশনা SSA আৰু শিক্ষা বিভাগে জাৰী কৰিছে। অসম চৰকাৰে ‘বিপাসনা’ পাঠ্যক্ৰম ৰখাৰ বাবে শিক্ষকসকলক ১২ দিনৰ বিশেষ ছুটীৰ অনুমোদন জনাইছে। অসম বিপাসনা ট্ৰাষ্টৰ গুৱাহাটীৰ চন্দ্ৰপুৰ কেন্দ্ৰত এই ১০ দিনীয়া ‘বিপাসনা’ পাঠ্যক্ৰম অনুষ্ঠিত কৰা হ’ব। এই ‘বিপাসনা’ পাঠ্যক্ৰম শিক্ষক-শিক্ষাৰ্থীৰ বাবে যথেষ্ট উপকাৰী হ’ব