অগ্নিগৰ্ভা মণিপুৰত আক্ৰমণৰ বলি বিজেপি বিধায়ক!

অগ্নিগৰ্ভা মণিপুৰত আক্ৰমণৰ বলি বিজেপি বিধায়ক ভুংজাগিন ভাল্টে

নিউজ ডেস্ক:

গ্নিগৰ্ভা মণিপুৰত আক্ৰমণৰ বলি বিজেপি বিধায়ক ভুংজাগিন ভাল্টে। মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত এক উচ্চস্তৰীয় বৈঠকত অংশ লৈ চৰকাৰী আৱাসলৈ ঘূৰি যোৱাৰ সময়ত আদবাটতে দুৰ্বৃত্তই আক্ৰমণ কৰে বিধায়ক ভুংজাগিন ভাল্টেক। বৃহস্পতিবাৰে বিয়লি ভাগত সংঘটিত হয় এই ঘটনা।

আনহাতে মণিপুৰৰ হিংসাত্মক ঘটনাক লৈ বৃদ্ধি পাইছে চৰকাৰৰ তৎপৰতা। ৰাজ্যখনৰ সুৰক্ষা পৰামৰ্শদাতা হিচাপে নিযুক্তি CRPF ৰ DG কুলদ্বীপ সিঙক। ৰাজ্যখনত সংঘটিত বিক্ষিপ্ত ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি কুলদ্বীপ সিঙক পৰামৰ্শদাতা হিচাপে প্ৰদান কৰা হৈছে নিযুক্তি। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ‘গুৰুতৰ গোচৰ’ত শ্বুট এট চাইট নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। ইতিমধ্যে সমগ্ৰ ৰাজ্যখনত কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা।।

You might also like
Leave A Reply

Your email address will not be published.