আজি ৫ মে’

▶️আজি নেডাৰলেণ্ডছৰ স্বাধীনতা দিৱস।
▶️১৮১৮ চনৰ আজিৰ দিনটোতেই জাৰ্মান অৰ্থনীতিবিদ, দাৰ্শনিক আৰু সমাজবাদী আন্দোলনৰ অন্যতম হোতা কাৰ্ল মাৰ্ক্সৰ জন্ম হৈছিল।
▶️১৮২১ চনৰ আজিৰ দিনটোতেই আটলাণ্টিক মহাসাগৰৰ ক্ষুদ্ৰ দ্বীপ ছেন্ট হেলেনাত নিৰ্বাসিত অৱস্থাত নেপোলিয়ন বোনাপাৰ্টৰ মৃত্যু ঘটিছিল।
▶️১৮৪৬ চনৰ আজিৰ দিনটোতেই পোলেণ্ডৰ নোবেল জয়ী ঔপন্যাসিক আৰু গল্পকাৰ হেনৰিক ছিনকিৱিজৰ জন্ম। ১৯০৫ চনত তেঁও সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৮৯৫ চনৰ এই দিনটোতেই সমাজসেৱক আৰু সাহিত্যক অমিয় কুমাৰ দাসৰ জন্ম হৈছিল।
▶️১৯১২ চনৰ আজিৰ দিনটোতেই ষ্টকহোমত পঞ্চম অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ।
▶️১৯১৬ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জাইল সিঙৰ জন্ম হৈছিল। ১৯৮২ চনৰ ২৫ জুলাইৰ পৰা ১৯৮৭ চনৰ ২৫ জুলাইলৈকে তেওঁ দেশৰ ৰাষ্ট্ৰপতিৰ পদত আছিল।
▶️১৯২১ চনৰ আজিৰ দিনটোতেই বিশ্বৰ ক্ষুদ্ৰতম সংবাদ পত্ৰ ‘ব্ৰাইটন গেজেট’ৰ প্ৰথম প্ৰকাশ। সংবাদ পত্ৰখনৰ আকাৰ আছিল ১০×১৩ চেণ্টিমিটাৰ।
▶️১৯৪৪ চনৰ আজিৰ দিনটোতেই অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ময়িদুল ইছলাম বৰাৰ মৃত্যু হৈছিল।
▶️১৯৫৫ চনৰ আজিৰ দিনটোতেই সংসদত হিন্দু বিৱাহ-বিচ্ছেদ বিধেয়ক গৃহীত হৈছিল।
▶️১৯৮৪ চনৰ আজিৰ দিনটোতেই ফু দৰ্জীৰ মাউন্ট এভাৰেষ্টত আৰোহন। অক্সিজেন নোহোৱাকৈ এভাৰেষ্টত আৰোহন কৰা তেঁৱেই প্ৰথম ভাৰতীয়।
▶️২০০৬ চনৰ আজিৰ দিনটোতেই প্ৰসিদ্ধ সংগীত শিল্পী নৌছাদৰ মৃত্যু ঘটিছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.