বাৰামুল্লাত এনকাউণ্টাৰত নিহত দুই সন্ত্ৰাসবাদী

 

নেচনেল ডেস্ক :

ম্মু-কাশ্মীৰৰ বাৰামুল্লাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত তুমুল সংঘৰ্ষত নিহত হয় দুটাকৈ সন্ত্ৰাসবাদী । নিহত দুই সন্ত্ৰাসবাদীৰ পৰা জব্দ এটা একে-৪৭ ৰাইফল, এটা পিষ্টলসহ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ ।

প্ৰাপ্ত তথ্যমতে,এনকাউণ্টাৰত নিহত দুই সন্ত্ৰাসবাদী লস্কৰ-ই-তৈবাৰ সৈতে জড়িত । নিহত দুই সন্ত্ৰাসবাদীক শ্বপিয়ান জিলাৰ শাকিৰ মজিদ নাজাৰ আৰু হানান আহমেদ চেহ বুলি চিনাক্ত কৰা হৈছে।

বাৰামুল্লা জিলাৰ ৱানিগাম অঞ্চলত অভিযান চলোৱাৰ সময়ত সন্ত্ৰাসবাদী কেইটাই নিৰাপত্তা বাহিনীক লক্ষ্য কৰি প্ৰথমে গুলীবৰ্ষণ আৰম্ভ কৰিছিল।প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলীয়াই হত্যা কৰে দুই সন্ত্ৰাসবাদীক।।

You might also like
Leave A Reply

Your email address will not be published.