অব্যাহত আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ!

অব্যাহত আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ। ইউক্ৰেইনৰ দক্ষিণ প্ৰান্তত শুকুৰবাৰে ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৪৬ জন ৰাছিয়াৰ সৈন্যক হত্যা কৰে। লগতে ১৫ খন ৰাছিয়াৰ সমৰ সজ্জিত বাহন ধ্বংস কৰে। ইফালে ৰাছিয়াৰ দ্বাৰা পৰিচালিত ছাকি বিমানঘাটিত ইউক্ৰেইনৰ সেনা বাহিনীয়ে আক্ৰমণ সংঘটিত কৰে।এই খবৰ সদৰি কৰিছে ইউক্ৰেইনৰ বায়ুসেনাৰ মুখপাত্ৰ ইউৰি ইগনাটে ।আনহাতে ইউক্ৰেইনে ছাকিৰ ওপৰত কৰা আক্ৰমণত আমেৰিকাই প্ৰেৰণ কৰা কোনো অস্ত্ৰ ব্যৱহাৰ কৰা হোৱা নাছিল বুলি নিশ্চিত কৰিছে পেণ্টাগনে।।

You might also like
Leave A Reply

Your email address will not be published.