অসমত নতুনকৈ ব্যয় কৰা হ’ব প্ৰায় ১৮ হাজাৰ কোটি টকা

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ কাৰ্যসূচী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সংবাদমেল

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ কাৰ্যসূচী সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে আজি গুৱাহাটীত সংবাদমেল সম্বোধন কৰে। সংবাদমেলত মুখ্যমন্ত্ৰীয়ে জনাই যে কাইলৈ যোৰহাটত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ অসমৰ অৰ্থনৈতিক বিকাশত অৰিহণা যোগোৱা প্ৰায় ১৮ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে বহুকেইটা আধাৰশিলা স্থাপন কৰিব। অসমত উপস্থিত হৈয়ে প্ৰধানমন্ত্ৰী গৰাকীয়ে গঢ়িব নতুন অভিলেখ। অহাকালি যোৰহাটৰ মেলেঙ-মেতেলী পথাৰত প্ৰধানমন্ত্ৰীয়ে একেখন মঞ্চৰ পৰাই হিতাধীকাৰীক প্ৰদান কৰিব ৫লাখ ৫৫হাজাৰ ৫শ ৫৫টা প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ঘৰ। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা অনুযায়ী আজিলৈ ভাৰতত একেদিনাই একেখন মঞ্চৰ পৰা ইমান হিতাধীকাৰীক একেলগে আঁচনিৰ সুবিধা প্ৰদান কৰা হোৱা নাই। ই অসমৰ বাবে এক অভিলেখ বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীৰ পৰৱৰ্তী কাৰ্যসূচী সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে জনাই যে, ৯ মাৰ্চত প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিব হোলোঙাপাৰত নিৰ্মাণ কৰা ৮৪ফুট উচ্চতাৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি। মেলেঙ-মেতেলী পথাৰৰ পৰাই প্ৰধানমন্ত্ৰীয়ে অনলাইনযোগে উদ্বোধন কৰিব তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়। যোৰহাটৰ পৰাই ‘প্ৰধানমন্ত্ৰী ডিভাইন’ আঁচনিৰ অধীনত ৮০০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে।

শিৱসাগৰৰ ৰাইজলৈ প্ৰধানন্ত্ৰীয়ে আগবঢ়াব বিশেষ উপহাৰ। অহাকালি স্থাপন কৰা হ’ব শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা। শিশুসকলৰ কেঞ্চাৰ ৰোগ প্ৰতিৰোধ আৰু চিকিৎসাৰ বাবে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত নিৰ্মাণ হ’ব ৩০০কোটি টকাৰ এক প্ৰকল্পৰ। অহাকালি যোৰহাটৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আধাৰশিলা স্থাপন কৰিব এই প্ৰকল্পৰ।

অসমৰ অৰ্থনৈতিক বিকাশ আৰু দ্ৰুততৰ কৰিবলৈ ডিগবৈ তেল শোধানাগাৰত স্থাপন কৰা হ’ব শোধনক্ষমতা বৃদ্ধিৰ নতুন প্ৰকল্প। কাইলৈ প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিব এই প্ৰকল্পৰ। ভাৰত চৰকাৰৰ তেল আৰু প্ৰাকৃতিক গেছ বিভাগ আৰু IOCয়ে ৭৬৮কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰিব এই প্ৰকল্প।এই প্ৰকল্পৰ জৰিয়তে ডিগবৈ তেল শোধনাগাৰৰ শোধন ক্ষমতা ০.৬৫মিলিয়ন মেট্ৰিকটনৰ পৰা ১ ৬৫মিলিয়ন মেট্ৰিকটনলৈ বৃদ্ধি হ’ব। গুৱাহাটী তেল শোধনাগাৰতো স্থাপন কৰা হ’ব শোধনক্ষমতা বৃদ্ধিৰ নতুন প্ৰকল্প। ৫১০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হ’ব এই প্ৰকল্প। তেল আৰু প্ৰাকৃতিক গেছ বিভাগৰ বেতকুছিস্থিত টাৰ্মিনেলৰ সম্প্ৰসাৰণৰ বাবে ব্যয় কৰা হ’ব ২৭৭কোটি টকা।

যোৰহাটৰ পৰাই বাৰাওনিৰ পৰা গুৱাহাটীলৈ ৩৯৯২কোটি টকীয়া গেছ আৰু খাৰুৱা তেল পৰিবহন পাইপলাইন প্ৰকল্পৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। অইল ইণ্ডিয়া লিমিটেডে ৫৭২কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা পাম্পিং ষ্টেচনৰো উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে। ভাৰতীয় ৰেলৱেৰ ১৩২৮কোটিৰে ব্যয়ৰে নিৰ্মাণ কৰা দৈত ৰেলপথ নিৰ্মাণৰ দুটা প্ৰকল্পও উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

You might also like
Leave A Reply

Your email address will not be published.