আজি আন্তজাৰ্তিক নাৰী দিৱস

প্ৰকৃতিৰ অন্য এক অনুপম সৃষ্টি নাৰী

নাৰী ভৱানী, নাৰী শক্তি, নাৰী ধৰিত্ৰী। নাৰী কৰুণাময়ী, মমতাময়ী, সহনশীল। নাৰী শব্দটি নিচেই সৰু কিন্তু সকলো শব্দয়েই ইয়াৰ সঠিক অৰ্থৰ বাবে ব্যৰ্থ। নাৰীক পৃথিৱীৰ অনুপম সৃষ্টিৰ মূল চালিকা শক্তি হিচাপে গণ্য কৰা হয়। নাৰী সীমাহীন গুণৰ অধিকাৰী। নাৰীৰ অধিকাৰ আৰু মৰ্যাদা প্ৰতিষ্ঠাৰ ইতিহাসত ৮ মাৰ্চ তাৰিখটো এক ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ। নাৰী কেৱল মাত্ৰ চাৰিবেৰৰ মাজতে সীমাবদ্ধ নাথাকি নিজকে প্ৰতিটো পদক্ষেপতে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে।

বিশ্বজুৰী আজিৰ দিনটোত পালন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস হিচাপে৷ ৮ মাৰ্চ, ১৯০৮ চনত নিউয়ৰ্কত প্ৰথমবাৰৰ বাবে পালন কৰা হৈছিল আজি এই বিশেষ দিনটো৷ তেতিয়াৰ পৰা প্ৰত্যেক বছৰে বিশ্বৰ বিভিন্ন প্ৰান্তত উদযাপন কৰি অহা হৈছে নাৰী দিৱস ৷ সমগ্ৰ বিশ্বতে নাৰীৰ স্বাধীনতা, নাৰীৰ সুৰক্ষা, নাৰীৰ প্ৰাপ্য অধিকাৰক লৈ নাৰী দিৱস উদযাপন কৰা হয় ৷

প্ৰতি বছৰৰ দৰে এইবাৰো ৰাষ্ট্ৰসংঘই নাৰী দিৱসকলৈ এক বিষয়বস্তু হাতত লৈছে। ৰাষ্ট্ৰসংঘই অৰ্থনৈতিক দিশত মোকাবিলাকৰাৰ ওপৰত গুৰুত্ব দি ২০২৪ বৰ্ষৰ বিষয়বস্তু- ‘মহিলাত বিনিয়োগ: ত্বৰান্বিত প্ৰগতি’ হিচাপে মনোনীত কৰিছে। বিশ্বৰ বেলেগ বেলেগ প্ৰান্তত নাৰী দিৱস উদযাপনৰ প্ৰধান লক্ষ্য বেলেগ বেলেগ যদিও মহিলাৰ সমান অধিকাৰ, মহিলাৰ বিৰুদ্ধে হিংসা আৰু উৎপীড়ন ৰোধ তথা নাৰীৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা জনোৱাই হৈছে এই দিৱস উদ্‌যাপনৰ মুখ্য উদ্দেশ্য।

You might also like
Leave A Reply

Your email address will not be published.