বিৰোধী ঐক্যত বৃহৎ ফাঁট!

AAPৰ পাছত ৰাজ্যৰ তিনিটা সমষ্টিত প্ৰাৰ্থী ঘোষণা CPIৰ

সমত বিৰুধী ঐক্যত বৃহৎ ফাঁট! প্ৰথমে আম আদমী পাৰ্টি আৰু এইবাৰ CPIৰ পৃথকে পৃথকে প্ৰাৰ্থী ঘোষণা। ৮ ফেব্ৰুৱাৰীত আম আদমী পাৰ্টিৰ সাধাৰণ সম্পাদক সন্দীপ পাঠকে লোকসভা নিৰ্বাচনৰ বাবে অসমৰ পৰা আপৰ প্ৰাৰ্থী ঘোষণা কৰিছিল। লোকসভা নিৰ্বাচনৰ বাবে আম আদমী পাৰ্টিয়ে মনোজ ধনুৱাৰক ডিব্ৰুগড়ৰ পৰা, ভৱেন চৌধুৰীক গুৱাহাটীৰ পৰা আৰু ঋষি ৰাজক শোণিতপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰিছে।

আম আদমী পাৰ্টিয়ে পৃথকে প্ৰাৰ্থী ঘোষণা কৰাৰ এমাহৰ পিছতেই CPIয়ে ৭ মাৰ্চত ঘোষণা কৰিলে নিজৰ  প্ৰাৰ্থী তালিকা। ৰাজ্যৰ তিনিটা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে CPIয়ে। যোৰহাটৰ পৰা কনক গগৈ, কাজিৰঙাৰ পৰা পৰমানন্দ দাস আৰু লখিমপুৰত  ধীৰেন কছাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে CPIয়ে।

You might also like
Leave A Reply

Your email address will not be published.