অসম আহি পালেহি আধুনিক সা-সুবিধাযুক্ত ৰে’ল ‘ভাৰত গৌৰৱ’

নিউজ ডেস্ক:

সম আহি পালেহি আধুনিক সা-সুবিধাযুক্ত ৰে’ল ‘ভাৰত গৌৰৱ’। উত্তৰ-পূৱ ভ্ৰমণৰ লক্ষ্যৰে ভাৰত গৌৰৱে কঢ়িয়াই আনিছে দেশী-বিদেশী পৰ্যটকক। পৰ্যটকৰ দলটোৱে ফুৰিব উত্তৰ পূৰ্বাঞ্চল। ২১ মাৰ্চত নতুন দিল্লীৰ পৰা যাত্ৰা আৰম্ভ কৰা ‘ভাৰত গৌৰৱ’ নামৰ ৰে’লখনে বৃহস্পতিবাৰে প্ৰৱেশ কৰে গুৱাহাটীৰ ৰে’ল ষ্টেচনত। ৮০ গৰাকী দেশী-বিদেশী পৰ্যটকক কঢ়িয়াই অনা এই বিশেষ ৰে’লখনৰ উদ্দেশ্যই হৈছে উত্তৰ-পূৱৰ পৰ্যটন ক্ষেত্ৰসমূহৰ সৈতে যাত্ৰী তথা পৰ্যটক সকলক চিনাকী কৰাই দিয়াৰ। বৃহস্পতিবাৰে উত্তৰ-পূৱৰ দুৱাৰমুখ গুৱাহাটীত এই ৰে’লখনে প্ৰৱেশ কৰাৰ সময়ত প্ৰকাশ কৰিলে পৰ্যটক সকলৰ মনৰ কথা। গুৱাহাটীত প্ৰৱেশ কৰিয়ে ৰাজস্থান, ডেৰাডুন, জয়পুৰৰ যাত্ৰীয়ে বিহু নৃত্যত কঁকাল ভাঙি নাচি মতলীয়া হোৱাৰ লগতে গুৱাহাটী ৰে’লৱে কৰ্তৃপক্ষৰ তৰফৰ পৰাও যাত্ৰীসকলক উষ্ম আদৰণি জনোৱা হয়।

ভাৰতীয় ৰে’লৱেৰ নতুন সংযোজন ‘ভাৰত গৌৰৱ’ হৈছে এখন আধুনিক সা-সুবিধা থকা ৰে’ল। ১৫ দিনীয়া North-East Discovery beyond গুৱাহাটী ভ্ৰমণ কাৰ্যসূচীৰে যাত্ৰা আৰম্ভ কৰা ‘ভাৰত গৌৰৱ’ নামৰ ৰে’লখনে সামৰি ল’ব ৫,৮০০ কিলোমিটাৰ ৰে’লপথত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয় আৰু ত্ৰিপুৰাক। এই কথা জনালে ৰে’ল কৰ্তৃপক্ষই।

উল্লেখ্য যে, অত্যাধুনিক ডিলাক্স এচি টুৰিষ্ট ৰে’লখনত যাত্ৰীৰ সুবিধাৰ্থে দুখন ডাইনিং ৰেষ্টুৰেণ্ট, এটা পাকঘৰ, দবাত শ্বাৱাৰ কিউবিকল, চেঞ্চৰযুক্ত ৱাছৰুম ফাংচনৰ লগতে ফুট মাচাজাৰ, এটা সৰু পুথিভঁৰালকে ধৰি উপলব্ধ হ’ব আন অত্যাধুনিক সা-সুবিধা।

You might also like
Leave A Reply

Your email address will not be published.