আজি প্রদান কৰা হ’ব ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান!

নিউজ ডেস্ক: 

জি প্রদান কৰা হ’ব ৰাজ্যৰ সৰ্বোচ্চ অসমৰিক সন্মান। প্ৰদান কৰা হ’ব অসম বৈভৱ,অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা। ২১ গৰাকী বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হ’ব ৰাজ্যৰ ৩ টা অসামৰিক সন্মান। ডা° তপন শইকীয়াক প্ৰদান কৰা হ’ব চলিত বৰ্ষৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ বঁটা!

কৃষ্ণ ৰয়, গিলবাৰ্টছন চাংমা, নয়নমণি শইকীয়া, ডা° শশীধৰ ফুকন, ড° বিনয় কুমাৰ শইকীয়াক প্ৰদান কৰা হ’ব অসম সৌৰভ বঁটা। আনহাতে ধৃতিমালা ডেকা, দেৱজিৎ বৰ্মন, ৰুষ্টম বসুমতাৰী, মাঞ্জে লা, বিনন্দ হাতীবৰুৱা, অতুল চন্দ্ৰ বৰুৱা, কল্যাণী ৰাজবংশী, শীলা গোৱালা, ড° যোগেশ দেউৰী, ড° পংকজ লাল গগৈ, সৰ্বেশ্বৰ বসুমতাৰী, মানথাং মাৰ, ড° ধ্ৰুৱজ্যোতি শৰ্মা, দয়াল গোস্বামী
ডা° ছৈয়দ ইফতিকাৰ আহমেদক প্ৰদান কৰা হ’ব অসম গৌৰৱ বঁটা।

আজি বিয়লি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব বঁটা প্ৰদান অনুষ্ঠান। অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যপাল গুলাৱ চান্দ কাটাৰিয়া। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে উপস্থিত থাকিব বহু বিশিষ্ট ব্যক্তি।।

You might also like
Leave A Reply

Your email address will not be published.