আজি ২৪ মাৰ্চ

▶️আজি বিশ্ব যক্ষ্মা দিৱস।
▶️১৬০৩ চনৰ এই দিনটোতেই ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ মৃত্যু।
▶️১৮৫৫ চনৰ এই দিনটোতেই কলকাতা-আগ্ৰাৰ মাজত প্ৰথম দীৰ্ঘ দূৰত্বৰ টেলিগ্ৰাফ সেৱা আৰম্ভ।
▶️১৮৭৪ চনৰ এই দিনটোতেই বিশ্বৰ প্ৰসিদ্ধ যাদুকৰ হেৰী হুডনীৰ জন্ম হৈছিল।
▶️১৯০৪ চনৰ আজিৰ দিনটোতেই প্ৰসিদ্ধ প্ৰাচ্যতত্ববিদ তথা কবি এডুইন আৰ্নল্ডৰ জন্ম হৈছিল। ‘লাইট অব এছিয়া’ তেওঁৰ প্ৰসিদ্ধ ৰচনা।
▶️১৯০৫ চনৰ এই দিনটোতেই কল্পবিজ্ঞানৰ ফৰাচী লেখক জুলে ভাৰ্নেৰ মৃত্যু হৈছিল।
▶️১৯৪৬ চনৰ আজিৰ দিনটোতেই ভাৰতৰ জাতীয় আন্দোলনৰ নেতৃবৃন্দৰ লগত ভাৰতৰ স্বাধীনতা আৰু বিভাজনৰ শান্তিপূৰ্ণ সমাধানৰ অৰ্থে বৃটিছ চৰকাৰৰ তিনিজন মন্ত্ৰীৰে গঠিত কেবিনেট মিছনৰ ভাৰতত পদাৰ্পণ।
▶️১৯৪৭ চনৰ এই দিনটোতেই লৰ্ড মাউণ্টবেটেনৰ ভাৰতৰ অন্তিম ভাইচৰয় ৰূপে কাৰ্যভাৰ গ্ৰহণ।
▶️১৯৭৭ চনৰ এই দিনটোতেই ভাৰতত প্ৰথমবাৰৰ বাবে অকংগ্ৰেছী দলৰ (জনতা দল) চৰকাৰ গঠন। মোৰাৰজী দেশাই হৈছিল দেশৰ প্ৰধানমন্ত্ৰী।১৯৭৯ চনৰ ২৮ জুলাই পৰ্যন্ত তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৮৫ চনৰ আজিৰ দিনটোতেই অসমৰ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ নিজাববীয়া অনুষ্ঠানৰ সম্প্ৰচাৰ আৰম্ভ। প্ৰথম অনুষ্ঠানটো আছিল এটি সত্ৰীয়া নৃত্যানুষ্ঠান।।

You might also like
Leave A Reply

Your email address will not be published.