ৰাহুল গান্ধীক ২ বছৰৰ কাৰাদণ্ড!

৩০ দিনৰ সময়সীমা কংগ্ৰেছ নেতাজনক।

নেচনেল ডেস্ক:

লাতক ব্যৱসায়ী নীৰৱ মোদী আৰু ললিত মোদীৰ উপাধিকলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি কৰা এক বিতৰ্কিত মন্তব্যৰ বাবে ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল বিজেপিৰ বিধায়ক তথা গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী পূৰ্ণেশ মোদীয়ে । গুজৰাটৰ ছুৰাটৰ এখন আদালতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপাধি সন্দৰ্ভত কৰা এক মন্তব্যৰ বাবে ২০১৯ চনৰ মানহানিৰ গোচৰত আজি কংগ্ৰেছ নেতা ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰি দুবছৰৰ কাৰাদণ্ড বিহে । অৱশ্যে খন্তেক পিছতেই তেওঁৰ জামিন মঞ্জুৰ কৰি ৩০ দিনৰ বাবে শাস্তি স্থগিত ৰখা হয় যাতে তেওঁ এই সিদ্ধান্তৰ বিৰুদ্ধে আপীল কৰিব পাৰে।
“কেনেকৈ সকলো চোৰৰ উমৈহতীয়া উপাধি মোদী হ’ব পাৰে?” এইধৰনে ৰাহুল গান্ধীয়ে কৰা এটা মন্তব্যৰ বিৰুদ্ধে বিজেপিৰ বিধায়ক তথা গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী পূৰ্ণেশ মোদীয়ে এক গোচৰ ৰুজু কৰিছিল ।
উল্লেখ্য যে বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বে ২০১৯ চনৰ ১৩ এপ্ৰিলত কৰ্ণাটকৰ কোলাৰত অনুষ্ঠিত হোৱা এক সমাৱেশত ভাষণ দি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীক লক্ষ্য কৰি পলাতক ব্যৱসায়ী নীৰৱ মোদী আৰু ললিত মোদীৰ সৈতে একেই উপাধিৰ ব্যক্তিসকলক সাঙুৰি কিছু বিতৰ্কিত মন্তব্য কৰিছিল । সেই মন্তব্যৰ বিৰুদ্ধে বিজেপি বিধায়ক পূৰ্ণেশ মোদীৰ অভিযোগ, নিৰ্বাচনী ভাষণত ৰাহুল গান্ধীয়ে সমগ্ৰ মোদী সম্প্ৰদায়ক অপমান কৰিছে। বিগত সপ্তাহত মুখ্য ন্যায়িক দণ্ডাধীশ এইচ এইচ বাৰ্মাৰ আদালতে দুয়োপক্ষৰ চূড়ান্ত যুক্তিৰ শুনানি সমাপ্ত কৰি চাৰি বছৰীয়া মানহানিৰ গোচৰটোত ৰায়দান কৰিবলৈ সাজু হোৱাৰ কথা গান্ধীৰ অধিবক্তা কিৰিট পানৱালাই জানিবলৈ দিছিল ।
ইফালে গান্ধীৰ অধিবক্তাৰ ভাষ্য অনুসৰি আদালতৰ কাৰ্য্যবিধি আৰম্ভণিৰে পৰাই ‘ত্ৰুটিপূৰ্ণ’ আছিল। অধিবক্তাগৰাকীয়ে লগতে যুক্তি আগবঢ়ায় কয় যে এই গোচৰত বিধায়ক পূৰ্ণেশ মোদী নহয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীহে অভিযোগকাৰী হ’ব লাগিছিল।কাৰণ ৰাহুল গান্ধীৰ ভাষণৰ মূল লক্ষ্য আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।।

You might also like
Leave A Reply

Your email address will not be published.